Recents in Beach

Haryanka Dynasty - Bimbisara , Ajatshatru and Udayin explained in Assamese - Notes for APSC and other govt. exam of Assam


হৰিয়ঙ্ক বংশ মগধৰ শাসনভাৰত থকা কালত ৰাজধানী (Capital ) আছিল - ৰাজগিৰ ( Rajgirh ) পিছত ইয়াক পাটলিপুত্ৰলৈ ( Pataliputra ) স্থানান্তৰ কৰা হয় ।
ইয়াত ৰজা কেন্দ্ৰিক শাসন ব্যৱস্থা আছিল ।
-> বৌদ্ধ গ্ৰন্থত উল্লেখ থকা মতে ইয়াৰ গাঁও সভাৰ (Village Assembly ) মুৰব্বী আছিল - গ্ৰামক  (Gramaka) আকৌ সামৰিক (Military), ন্যায় (Judiciary) আৰু কাৰ্যপালিকাৰ (Executive) বাবে আছিল - মহামাত্ৰ ( Mahamatra )

বিম্বিসাৰ ( Bimbisara ) 

-> জৈন ইতিহাসত তেঁওৰ নাম শ্ৰেণীক (Shrenika ) বুলি উল্লেখ আছে ।

-> বিম্বিসাৰ আছিল ভাট্টিয়া ( Bhattiya ) ৰ পুত্ৰ ।

-> প্ৰথম ৰাজধানী - Girivraja [ ৰাজগৃহ ( Rajgirha) ]

-> বিম্বিসাৰে অংগ ( Anga ) মহাজনপদৰ ৰজা ব্ৰহ্মদত্ত (Brahmadutta ) ক পৰাস্ত কৰে আৰু অংগৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে ।

-> অজাতশত্ৰু (Ajatasatru) চম্পা ( Champa )গৱৰ্নৰ ( Governor ) নিযুক্ত কৰে ।

-> বিম্বিসাৰেই প্ৰথম ৰজা যাৰ লগত স্থায়ী সেনা আছিল ।

-> বিম্বিসাৰে ওচৰৰ ৰাজ্য সমূহৰ সৈতে দ্বিপাক্ষিক (Bilateral ) সম্পৰ্ক উন্নীতকৰণত গুৰুত্ব দিছিল ।

-> এবাৰ অৱন্তিৰ ( Avanti ) ৰজা জণ্ডিচত ( jaundice ) আক্ৰান্ত হোৱাত বিম্বিসাৰে তেঁওৰ ডাক্তৰ জীৱক (Jivaka) ক তেঁওৰ চিকিৎসা কৰিব পঠায় । আকৌ গান্ধাৰ (Gandhar ) ৰজাই তেঁওলৈ এবাৰ দূত পঠাইছিল ।

-> বিম্বিসাৰৰ 3 জনী পত্নী  -

1. কোশল দেৱী ( Kosala Devi )     : কোশলৰ ৰজাৰ ছোৱালী আৰু প্ৰসেনজিতৰ ভগ্নী ( Sister )

2. চেলেনা ( Chellana )      : বৈশালীৰ ( Vaishali ) লিচাভি ( Lichchavi ) ৰ মুৰব্বী চেতক ( Chetaka )  জীয়াৰী (daughter)

3. খেমা ( Khema )      : পঞ্জাৱ ( Punjab ) আৰু মোদ্ৰাৰ ( Modra ) ৰজাৰ জীয়ৰী

বিম্বিসাৰক তেঁওৰ পুত্ৰ অজাতশত্ৰু ( Ajatshatru ) ৱে বন্দী কৰিছিল । তাতেই তেঁওৰ মৃত্যু হয় ।

অজাতশত্ৰু ( Ajatasatru ) [ 492 BC - 460 BC ]


-> তেঁও আছিল বিম্বিসাৰ (Bimbisara) আৰু চেলানাৰ (Chellana) সন্তান ।

-> 483 BCৰাজগিৰ ( Rajgirha ) ত তেঁও প্ৰথম বৌদ্ধ পৰিষদ ( First Buddhist Council ) আয়োজন কৰে ।

-> তেঁও কোশল ( Kosala ) আৰু বৈশালী ( Vaishali ) ৰ বিৰুদ্ধে যুদ্ধ জয় কৰে ।

-> অজাতশত্ৰুৱে দুবিধ যুদ্ধাস্ত্ৰৰ আৱিস্কাৰ কৰে -
         1. মহাশিলাকান্তক ( Mahashilakantak ) : শত্ৰুপক্ষলৈ শিল নিক্ষেপণ কৰা সজুলি
         2. ৰথমুসল ( Rathamusala ) : পাংখা ( Blade ) সংযুক্ত ৰথ ( Chariot )

-> অজাতশত্ৰু বৌদ্ধ ধৰ্মৰ উপাসক আছিল ।

-> বুদ্ধ (Buddha) আৰু মহাবীৰৰ (Mahavira) তেঁওৰ সময়তে নিৰ্বাণ ( Nirvan ) হৈছিল ।

উদায়িণ ( Udayin ) :

-> উদায়িণ হ'ল অজাতশত্ৰুৰ (Ajatshatru) পুত্ৰ ।

->  তেঁও মগধৰ ৰাজধানী পাটলীপুত্ৰলৈ ( Pataliputra ) লৈ স্থানান্তৰিত কৰে ।

-> অৱন্তিৰ ৰজা পলকক (Palaka) তেঁও বহুবাৰ পৰাস্ত কৰে । কিন্তু সময়ত পলকৰ হাততে উদায়িণৰ মৃত্যু হয় ।

উদায়িণৰ পিছত শাসনৰ গাদীত বহা 3 জন Ruler আছিল -
      1. অনিৰুদ্ধ ( Aniruddha )
      2. মণ্ড( Manda )
      3. নাগদশক ( Nagadasaka )

Post a Comment

0 Comments