মৌৰ্য বংশ ( Maurya Dynasty ):
চন্দ্ৰগুপ্ত মৌৰ্য ( Chandragupta Maurya ):
-> হিন্দু ধৰ্মৰ উৎসৰ মতে তেঁও কৌটিল্যৰ (Kautilya) শিষ্য আছিল ।-> বৌদ্ধ ধৰ্মৰ উৎসৰ মতে তেঁও ক্ষত্ৰিয় (Khsatriya) আছিল ।
-> গ্ৰীক (Greek) সকলে তেঁওক চেন্দ্ৰোকোট্টচ (Sandrokottos) বুলিছিল ।
-> চন্দ্ৰগুপ্তই দেশৰ উত্তৰ - পশ্চিম (North-West) দিশত থকা গ্ৰীক শাসিত চহৰ বিজয় কৰিছিল ।
-> 305 BC ত তেঁও চেলুকাচ নিকেটৰৰ ( Seleucus Nicator ) সৈতে সন্ধি কৰে । এই সন্ধিৰ যোগেদি তেঁও বেলুচিস্তান ( Beluchistan ) , পূৱ - আফগানিস্তান ( Eastern Afghanistan ) আৰু সিন্ধু নদীৰ পশ্চিমভাগ ( West of Indus ) দখল কৰে ।
-> চেলুকাচ নিকেটৰ আছিল য়ুনানৰ (Yunan) ৰজা চিকন্দৰৰ ( Sikandar ) স্থলসেনাৰ অধ্যক্ষ ।
-> চিকন্দৰে 326BC ত ভাৰত আক্ৰমণ কৰে । কিন্তু চিকন্দৰৰ সেনাই ব্যাস (Vyas) নদী পাৰ হ'ব নোৱাৰিলে । ইয়াৰ পিছতে চিকন্দৰ য়ুনান (Yunan) লৈ উভতি যায় আৰু বেবিলনত(Bebilon) তেঁওৰ মৃত্যু হয় ।
-> চেলুকাচ নিকেটৰৰ জীয়েক ( daughter ) আছিল হেলেনা ( Helena ) যাক চন্দ্ৰগুপ্ত মৌৰ্যই (Chandragupta Maurya) বিয়া কৰাইছিল ।
-> চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজ সভাত মেগাস্থেনেচ ( Megasthenes ) আছিল গ্ৰীক প্ৰতিনিধি ( Greek ambassador ) । মেগাস্থেনেচে ৰচনা কৰা কিতাপখনৰ নাম হ'ল - ইণ্ডিকা ( Indica )
-> এবাৰ চন্দ্ৰগুপ্তৰ সময়ত আকাল হোৱাত তেঁও সৌৰাষ্ট্ৰ (Saurashtra) ৰ মন্ত্ৰী পুষ্যগুপ্তৰ (Pushyagupta) দ্বাৰা সুদৰ্শন হ্ৰদ ( Sudarshan Lake ) নিৰ্মাণ কৰাইছিল ।
-> চন্দ্ৰগুপ্তই তেঁওৰ পুত্ৰ বিন্দুসাৰক ( Bindusara ) শাসনভাৰ গতাই ভদ্ৰবাহুৰ (Bhadrabahu) লগত কৰ্ণাটকৰ (Karnataka) শ্ৰৱণবেলাগোলা ( Shravsnabelagola ) লৈ যায় । তাত তেঁও জৈন ধৰ্ম গ্ৰহণ কৰে ।
-> জৈন ধৰ্মৰ চান্থাৰা (Santhara) নিয়ম অনুসৰি চন্দ্ৰগুপ্ত মৌৰ্যই দেহত্যগ কৰে । তেঁওৰ মৃত্যু হৈছিল চন্দ্ৰগিৰি (Chandragiri) পৰ্বতত ।
0 Comments