Recents in Beach

Nanda Dynasty - explained in Assamese - APSC and assam govt exam notes - নন্দ বংশ


নন্দ বংশ : ( Nanda Dynasty ) : 


-> নন্দ বংশ হ'ল মগধৰ ৰাজভাৰ লোৱা প্ৰথম অক্ষত্ৰিয় (Non - Khsatriya)  বংশ ।

-> নন্দ বংশ বহু সম্ভ্ৰান্ত (Aristocrat ) আৰু চহকী (Wealthy)  বংশ আছিল ।

-> নন্দ বংশই আছিল ভাৰতৰ ইতিহাসত প্ৰথম সাম্ৰাজ্য পতা বংশ ( First empire builder in Indian History )

-> নন্দ বংশৰ সামৰিক বিভাগ ( Military department ) যথেষ্ট শক্তিশালী আছিল । তেঁওলোকৰ 2 লাখ স্থলসেনা (Infantry ) , 2 লাখ অশ্বাৰোহী সেনা ( Cavalry ) , 2000 যুদ্ধৰথ ( War Chariots ) আৰু 3000 হাতী (Elephant) আছিল ।

-> হাতীগুম্ফা শিলালিপিৰ ( Hatigumpha Inscription ) পৰা নন্দবংশৰ কলিংগৰ ( Kalinga ) ওপৰত বিজয়ৰ উমান পোৱা যায় ।

মহাপদ্মনন্দ ( Mahapadma Nanda ) : 

-> নন্দ বংশৰ প্ৰতিস্থাপক আছিল - মহাপদ্মনন্দ । তেঁও শিশুনাগ বংশৰ শেষৰ ৰজা মহানন্দিনক হত্যা কৰি মগধত নন্দ বংশৰ শাসন আৰম্ভ কৰে ।
-> মহাপদ্মনন্দ পুৰাণত উল্লেখ থকা মতে মহাপদ্মনন্দ শিশুনাগ বংশৰ শাসক মহানন্দিন আৰু এজনী শুদ্ৰ তিৰোতাৰ সন্তান ।
-> মহাপদ্মনন্দক সৰ্বক্ষত্ৰিয়ান্তক ( Sarva Khsatriyantak ) অৰ্থাৎ ক্ষত্ৰিয়সকলৰ বিনাশকাৰী বুলি জনা গৈছিল ।
-> তেঁওৰ আন এটা নাম হ'ল - উগ্ৰসেনা ( Ugrasena )

ধনানন্দ ( Dhanananda ) : 

-> ধনানন্দ আছিল নন্দ বংশৰ শেষৰজন শাসক ( Last ruler ) ।
-> গ্ৰীক পুথিত ( Greek book ) ত তেঁওৰ নাম আগ্ৰাম্মেচ ( Agrammes ) বা জেন্দ্ৰাম্মেচ ( Xendrammes ) বুলি উল্লেখ আছে ।

-> ধনানন্দৰ সময়তে আলেকজেণ্ডাৰ (Alexander) উত্তৰ - পশ্চিম ( North - Western ) ভাৰতত প্ৰৱেশ কৰে । কিন্তু আলেকজেণ্ডাৰৰ সেনাসকল ভাগৰুৱা হৈ যোৱা বাবে তেঁওলোকে গংগা সমভূমি ( Gangetic Plain ) ৰ ফালে আহিব নোৱাৰিলে ।আলেকজেণ্ডাৰৰ গুৰু আছিল - এৰিষ্ট'টল ( Aristotle )

-> কৰ (Tax) আদায়ত লোৱা দমন মূলক নীতিৰ বাবে ধনানন্দ সকলোৰে অপ্ৰিয় হৈছিল ।

-> ধনানন্দৰ ৰাজ্যৰ এজন বিদ্বান আছিল - চানক্য ( Chanakya ) বা কৌটিল্য ( Kautilya ) । এবাৰ ধনানন্দই তেঁওক বেশভূষাৰ বাবে ঠাট্টা কৰাত চানক্যই ধনানন্দক শাসনৰ পৰা আতৰ কৰাৰ শপত লয় ।

-> তেঁও এবাৰ এজন বিচক্ষণ সৰু ল'ৰা লগ পাই তাকে ভৱিষ্যতে ৰজা বনোৱা পৰিকল্পনাৰে শিক্ষা দিয়া আৰম্ভ কৰে । সেই বালকজনেই আছিল - চন্দ্ৰগুপ্ত মৌৰ্য ( Chandragupta Maurya )

-> ধনানন্দৰ জীয়াৰী দুৰ্ধাৰা (Durdhara) ক চন্দ্ৰগুপ্ত মৌৰ্য্যই বিয়া কৰাই ।

-> শেষত চন্দ্ৰগুপ্ত মৌৰ্যই চানক্যৰ সহায়ত ধনানন্দক আতৰাই মগধত মৌৰ্য সাম্ৰাজ্য প্ৰতিস্থা কৰে । 

Post a Comment

0 Comments