শিশুনাগ বংশ ( Shishunaga Dynasty ) :
শ্ৰীলংকাৰ ইতিহাসবিদ সকলৰ মতে মগধৰ জনতাই হৰিয়ঙ্ক বংশৰ (Haryanka dynasty) শাসক নাগদশকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল । তেঁওলোকে নাগদশকৰ ( Nagdasaka ) অমত্য ( Amatya ) অৰ্থাৎ মন্ত্ৰী এজনক ৰজা হিচাপে নিযুক্ত কৰে । সেইজেনই আছিল শিশুনাগ (Shishunaga) ।শিশুনাগ ( Shishunag ):
-> শিশুনাগ আছিল বৈশালিৰ ( Vaishali ) লিচাভী শাসকৰ সন্তান । ( Son of Lichchavi ruler of Vaishali )-> শিশুনাগ মগধৰ ৰজা হোৱাৰ পূৰ্বে কাশীৰ ভাইচৰয় ( Viceroy ) আছিল ।
-> শিশুনাগ বংশৰ ৰাজত্ব কালত ৰাজধানী আছিল - গিৰিব্ৰজ ( Girivraja )
-> শিশুনাগে প্ৰদ্যোৎ বংশক ( Pradyota Dynasty) পৰাস্ত কৰি অৱন্তিক ( Avanti ) নিজৰ দখলত আনি মগধ আৰু অৱন্তিৰ দীৰ্ঘদিনীয়া প্ৰতিদ্বন্দ্বীতাৰ অন্ত পেলায় ।
-> কোশল ( Kosala ) আৰু বাৎসক ( Vatsa ) নিজৰ অধীনত আনে ।
কালাশোক ( Kalasoka ) :
-> কালাশোক আছিল শিশুনাগৰ পুত্ৰ ।-> শিশুনাগ ৰজা থকা সময়ত কালাশোক আছিল বাৰাণসী ( Varanashi ) ৰ ৰাজ্যপাল ( Governor )
-> 383 BC ত কালাশোকে দ্বিতীয় বৌদ্ধ পৰিষদ ( Second Buddhist Council ) আয়োজন কৰিছিল ।
-> তেঁও ৰাজ্যৰ ৰাজধানী ( Capital ) খন ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ ( Pataliputra ) স্থানান্তৰ কৰিছিল ।
-> কালাশোকৰ মৃত্যুৰ পিছত তেঁওৰ দহজন পুত্ৰই শাসনভাৰ লৈছিল ।
-> শিশুনাগ বংশৰ একেবাৰে শেষৰজন ৰজা আছিল - নন্দিৱৰ্ধন ( Nandivardhan ) / মহানন্দিন ( Mahanandin )
-> মহানন্দিনক তেঁওৰ অবৈধ ( illegitimate ) সন্তান মহাপদ্মনন্দই হত্যা কৰে ।
-> এইদৰে 345 BC ত শিশুনাগ বংশৰ অন্ত পৰে ।
0 Comments