Recents in Beach

Buddhism in Assamese - Ancient Indian History in Assamese - APSC & Assam govt job exam notes


বৌদ্ধ ধৰ্মৰ আৰম্ভণিৰ কাৰণ :

1. ক্ষত্ৰিয় সকলৰ ব্ৰাহ্মণৰ দমন নীতিত বিৰোধীতা:
   বৈদিক কালত লোকসকলৰ 4 টা শ্ৰেণী বা বৰ্ণ আছিল । ব্ৰাহ্মণ , ক্ষত্ৰিয় , বৈশ্য আৰু শুদ্ৰ । এই বৰ্ণ ব্যৱস্থা অনুসৰি ক্ষত্ৰিয় সকল আছিল দ্বিতীয় শ্ৰেণীৰ লোক । ক্ষত্ৰিয় সকলে ব্ৰাহ্মণ সকলৰ ধৰ্মীয় দমন নীতিক তীব্ৰ বিৰোধীতা কৰিছিল । তাৰোপৰি ব্ৰাহ্মণ সকলে তলৰ বৰ্ণৰ লোক সকলৰ পৰা গ্ৰহণ কৰি থকা বিভিন্ন সা - সুবিধা আৰু কৰ আৰু শাস্তিৰ ক্ষেত্ৰত ব্ৰাহ্মণ সকলৰ বাবে থকা শিথিলতাই ক্ষত্ৰিয় সকলক অধিক ক্ষোভিত কৰি তুলিছিল ।

2.বৈদিক ৰীতি - নীতিয়ে পুৰণি বিশুদ্ধতা হেৰুৱাইছিল ।

3. বৈশ্য আৰু আন ব্যৱসায়িক শ্ৰেণীয়ে নিজৰ সামজিক মৰ্যাদা আৰু শান্তি বিচাৰি বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় ।

4. সেই সময়ত কৃষি ভিত্তিক অৰ্থনীতি পুনৰুজ্জীৱিত হোৱাৰ বাবে সকলোৱে পশু পালনত গুৰুত্ব দিছিল । যিহেতু বৈদিক কালত বলি বিধান প্ৰথা প্ৰচলনৰ বাবে যথেষ্ট পশুধনৰ মৃত্যু হৈছিল , সেয়ে হিংসা আৰু বলি- বিধান মুক্ত এক শান্তিৰ ধৰ্ম  বিচাৰি বৌদ্ধ ধৰ্মৰ কাষ চাপে ।

গৌতম বুদ্ধ : বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক 

জন্ম : 563 BC
জন্মস্থান : কপিলবস্তু ( লুম্বিনী , নেপাল )
                Kapilbastu ( Lumbini , Nepal )
পিতৃৰ নাম : শুদ্ধোদন ( Suddhodana )
মাতৃৰ নাম : মহামায়া দেৱী ( Mahamaya Devi )
বুদ্ধেদেৱৰ জন্মৰ পিছত মাতৃৰ মৃত্যুৰ বাবে প্ৰজাপিতা গৌতমীয়ে (Prajapita Gautomi ) লালন - পালন কৰে ।
শিশু কালৰ নাম : সিদ্ধাৰ্থ ( Siddhartha )
পত্নীৰ নাম : যশোধৰা ( Yashodhara )
পুত্ৰৰ নাম : ৰাহুল ( Rahul )

-> বুদ্ধদেৱে এবাৰ ভ্ৰমণ কৰি থাকোতে 4 প্ৰকাৰৰ মানুহ লগ পায় । বৃদ্ধ ( Old ), ৰোগী ( Sick ) , মৃত ( Corpse ) আৰু সন্যাসী ( Ascetic ) । ইয়াৰে মাজৰ সন্যাসীৰ মনৰ আনন্দ দেখি তেঁও 29 বছৰ বয়সত গৃহত্যাগ কৰে । ইয়াক মহাভিনিস্ক্ৰমণ বুলি কোৱা হয় ।

-> গৃহত্যাগৰ সময়ত বুদ্ধদেৱৰ এটা ঘোঁৰা আছিল যাৰ নাম আছিল - কণ্ঠক ( Kanthak ) আৰু তেঁওৰ সাৰথি ( accompanied by ) আছিল - চান্দক ( Chandaka )

গৌতম বুদ্ধৰ জ্ঞানপ্ৰাপ্তি :

-> 35 বছৰ বয়সত গয়াত ( বিহাৰ )[ Gaya , Bihar  ] নিৰঞ্জনা নদীৰ পাৰত বোধিবৃক্ষৰ ( Bodhi tree ) তলত গৌতম বুদ্ধৰ জ্ঞানপ্ৰাপ্তি হয় । এই গছজোপা পিছত গৌড় বংশৰ শাসক শশাংকই কাটে ।
-> বুদ্ধদেৱৰ জ্ঞানপ্ৰাপ্তিক নিৰ্বান ( Nirban ) বুলি কয় ।

-> গৌতম বুদ্ধই দিয়া প্ৰথম প্ৰবচনটোক ধৰ্মচক্ৰ প্ৰৱৰ্তন ( Dharmachakra Pravartana ) বোলে । প্ৰথম প্ৰবচন দিয়ে উত্তৰ প্ৰদেশৰ সাৰনাথত ( Sharnath ) ।


বুদ্ধৰ জীৱনৰ ঘটনাৰাজি আৰু ইয়াৰ প্ৰতিক : ( Symbols of events of Buddha's life )


গৰ্ভাৱস্থাত বুদ্ধ - হাতী ( Elephant )
বুদ্ধৰ জন্ম ( Birth ) - পদুম আৰু বলধ ( Lotus and Bull )
গৃহত্যাগ ( Great departure ) - ঘোঁৰা ( Horse )
জ্ঞান প্ৰাপ্তি ( First enlightment ) - বোধিবৃক্ষ ( Bodhi tree )
প্ৰথম প্ৰবচন ( First sermon ) - চক্ৰ ( Wheel )
মৃত্যু ( Death ) - স্তুপ ( Stupa )

বৌদ্ধ ধৰ্মৰ মূল ভাষা আছিল -  পালি ( Pali )

আৰ্য্য সত্য ( Arya Satya / Four noble Truth )


1. পৃথিৱী খন দুখেৰে ভৰা ( World is full of sorrow )
2. দুখৰ প্ৰকৃত কাৰণ হ'ল - কিবা পাবলৈ হেঁপাহ ( Desire )
3. দুখ নিয়ন্ত্ৰণৰ বাবে নিজৰ হেঁপাহ বা ইচ্ছা নিয়ন্ত্ৰণ কৰিব লাগিব ।
4. ইচ্ছা বা হেঁপাহ নিয়ন্ত্ৰণৰ বাবে 8 টা পথ আছে । যাক কোৱা হয় - অষ্টাংগিক মাৰ্গ ( Astangika Marg )

অষ্টাংগিক মাৰ্গ ( Astangika Marg ) :

1.সম্যক দৃষ্টি ( Right view )
2.সম্যক সংকল্প ( Right Resolve )
3.সম্যক বাণী ( Right Speech )
4.সম্যক কৰ্ম ( Right Conduct )
5.সম্যক জীৱিকা ( Right Livelihood )
6.সম্যক ব্যায়াম ( Right Effort )
7.সম্যক স্মৃতি ( Right mindfulness )
8.সম্যক সমাধি ( Right Concentration )

বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্ন ( Tri Ratna / Three Jewels of Buddhism ) 

a. বুদ্ধ ( Buddha )
b. ধৰ্ম ( Dharma ) - বুদ্ধদেৱৰ শিক্ষা ( Buddha's teaching )
c. সংঘ ( Sangha ) - বুদ্ধদেৱৰ দ্বাৰা দিয়া শিক্ষাৰ অনুগামী সকলৰ সমাজ ( Community of those peoples who follow Buddha's teaching )

বুদ্ধৰ জীৱনৰ অন্ত : 

বুদ্ধদেৱৰ মৃত্যুক মহাপৰিনিৰ্বান ( Mahaparinirvana ) বুলি কয় । তেঁওৰ মৃত্যু কুশিনগৰ ( Kushi Nagar ) [ উত্তৰ প্ৰদেশ ( U.P. )] ত হিৰণ্যৱতী ( Hiranyawati ) নদীৰ পাৰত হৈছিল ।

বৌদ্ধ ধৰ্মৰ অনুগামী শাসক :

বিম্বিসাৰ ( Bimbisar ) , প্ৰসেনজিৎ ( Prasenjit ) , অশোক ( Ashoka ) , উদায়িন ( Udayin )

বুদ্ধদেৱৰ দহজন প্ৰধান শিষ্য : ( Ten disciples of Buddha )

মাউদগাল্যযান ( Maudgalyayana ) , শ্বাৰিপুত্ৰ ( Shariputra ) , মহাকাশ্যপ ( Mahakasyapa ) , সুভুতি ( Subhuti ) , পূৰ্ণ মৈত্ৰায়ানী পুত্ৰ ( Purna Maitrayaniputra ) , কাটায়ায়ান ( Katayayana ) ,
অনিৰুদ্ধ ( Aniruddha ) , ৰাহুল ( Rahula ) , আনন্দ ( Ananda ) , উপালি ( Upali )

প্ৰমুখ বৌদ্ধ বিদ্বান ( Buddhist Scholars )

1. অশ্বঘোষ ( Ashwaghosha ) : 

কুষাণ বংশৰ ৰজা কনিষ্কৰ সমকালীন আছিল । ৰাজসভাত তেঁও লিখক আৰু ধৰ্মীয় পৰামৰ্শদাতা হিচাপে আছিল । তেঁওৰ ৰচনাৰাজিবোৰ - বুদ্ধচৰিত ( Buddhacharit ) , মহালংকাৰ ( Mahalankara ) , সৌন্দৰানন্দকাব্য ( Saundaranandakavya ) । বুদ্ধ চৰিত পুথিখনক " বৌদ্ধ ধৰ্মৰ ৰামায়ণ " ( Ramayan of Buddhism ) বোলে ।

2. বুদ্ধঘোষ ( Buddhaghosha ) : 

হীনয়ান ( Hinyana ) সম্প্ৰদায়ৰ মুখ্যগ্ৰন্থ " বিশুদ্ধি মাগ্গা " (Bishuddhi Magga ) ৰচনা কৰে ।

3. নাগাৰ্জুন ( Nagarjun ) :

 মূলামধ্যমাকাকাৰিকা ( Mulamadhyamakakarika ) ৰচনা কৰে । শুন্যবাদ ( Shunyavada or Emptiness ) তত্ব আবিস্কাৰ কৰে ।

4. বাসুবন্ধু ( Vasubandhu ) :

অভিধৰ্মকোষ ( Abhidharmakosha ) ৰচনা কৰে ।

5. চন্দ্ৰাকৃতি ( Chandrakriti ) :

প্ৰসন্নপদ ( Prasannapada ) ৰচনা কৰে ।

বৌদ্ধ সাহিত্যৰ প্ৰমুখ গ্ৰন্থ :

বৌদ্ধ সাহিত্যৰ প্ৰাচীনতম গ্ৰন্থ হ'ল - ত্ৰিপিটক ( Tripitaka )
সুত্তপিটক ( Suttapitaka ) : ইয়াত বৌদ্ধ বিচাৰ আৰু উপদেশ সমূহ আছে ।
বিনায়পিটক ( Vinaypitaka ) : বৌদ্ধ ভিক্ষু সকলৰ অনুশাসন সম্বন্ধীয় নিয়ম আৰু সংঘৰ কাৰ্য্যপ্ৰণালী আছে ।
অভিধম্ম পিটক : বুদ্ধৰ উপদেশ আৰু সিদ্ধান্ত সমূহৰ দাৰ্শনিক ( Philosophical ) ব্যাখ্যা আছে ।
-> জাতকৰ সাধু ( Jataka Stories ) ত বৌদ্ধিক দৰ্শনৰ উমান পোৱা যায় ।

প্ৰথম বৌদ্ধ পৰিষদ : ( First Buddhist council )

বুদ্ধৰ মহাপৰিনিৰ্বানৰ কিছুদিন পিছতে 483 BC ত অজাতশত্ৰুৰ ( Ajatasatru ) পৃষ্ঠপোষকতাত । সভাপতিত্ব কৰিছিল মহাকাশ্যপ ( Mahakashyapa ) নামৰ মুনি এজনে । এই সভাতে বুদ্ধৰ শিক্ষা সমূহ তিনিটা পিটকাত ( Pitaka ) ভগোৱা হয় । ইয়াৰে সুত্ত পিটকা আৰু বিনয়া পিটকাৰ শিক্ষা সমূহ যথাযথ হিচাপে লোৱা হয় ।

দ্বিতীয় বৌদ্ধ পৰিষদ : ( Second Buddhist council )

স্থান : বৈশালী , বিহাৰ [ Vaishali ( Bihar ) ]
পৃষ্ঠপোষক : ৰজা কালাশোক ( King Kalashok )
সভাপতি : শৱকামী ( Sabakami )
বৌদ্ধ ধৰ্ম দুভাগ হয় - স্থবিৰমদিন ( Sthavirmadin ) - কোনো সংশোধন নিবিচৰা আৰু মহাসংঘিকা ( Mahasanghika ) - বৌদ্ধ ধৰ্মৰ সংশোধন বিচৰা সকল ।

তৃতীয় বৌদ্ধ পৰিষদ : ( Third Buddhist council )

স্থান : পাতলিপুত্ৰ ( Pataliputra )
পৃষ্ঠপোষক : অশোক ( Ashoka )
সভাপতি : মোগ্গালিপুট্ট তিচা ( Moggaliputta - Tissa)
-> বৌদ্ধ দৰ্শন সন্নিবিষ্ট " অভিধম্ম পিটকা " কিতাপ খনৰ সংযোজন এই পৰিষদতে হৈছিল । মোগ্গালিপুট্ট তিচা ( Moggaliputta - Tissa) ৰ দ্বাৰা সংযোজিত এই পুথিখনৰ আগৰ নাম আছিল - কথাভাথু ( Kathavathu )

চতুৰ্থ বৌদ্ধ পৰিষদ : ( Fourth Buddhist council )

স্থান : কুণ্ডলবন ( Kundalban )
পৃষ্ঠপোষক : কনিষ্ক ( Kanishka )
সভাপতি : বাসুমিত্ৰ ( Vasumitra )
উপ-সভাপতি : অশ্বঘোষ ( Ashwaghosha )

বৌদ্ধ ধৰ্মৰ তিনিটা সম্প্ৰদায় ( Three schools of Buddhism ) : 

হিনাযান ( Hinayana ) :

1. তেঁওলোকৰ মতে মোক্ষ বা জ্ঞানপ্ৰাপ্তিৰ ( salvation / enlighment ) মূল আধাৰ হ'ল - নিজস্ব সু- সৃংখলিত জীৱন আৰু ধ্যান ।
2. হিনয়ানৰ অৰ্থ হ'ল - চুটি পথ ( Lesser path ) আৰু তেঁওলোকে পূৰ্বৰে পৰা অগ্ৰজ সকলৰ মাজত চলি অহা শিক্ষাক গ্ৰহণ কৰিছিল ।
3. লিখনিত পালি ( Pali )ভাষা ব্যৱহাৰ কৰিছিল ।
4. বুদ্ধদেৱক কেৱল এজন মানুহৰ জ্ঞান কৰছিল ।

মহাযান ( Mahayana ) : 

1. তেঁওলোকৰ বিশ্বাসমতে মানুহে তেতিয়ালৈ জ্ঞানপ্ৰাপ্তি বা মোক্ষ লাভ কৰিব নোৱাৰে যেতিয়ালৈ ভগৱান বুদ্ধৰ দয়া নাথাকে ।
2. বজ্ৰযানৰ অৰ্থ হ'ল - দীঘল পথ ( Greater Path )
3. লিখনিত সংস্কৃত ( Sanskrit ) ভাষা ব্যৱহাৰ কৰিছিল ।
4. বুদ্ধদেৱক ভগৱানৰ জ্ঞান কৰিছিল ।

বজ্ৰযান ( Vajrayana ) :

1. তেঁওলোকৰ বিশ্বাস অনুসৰি যাদুবিদ্যা ( Magical power ) আহৰণ কৰিহে জ্ঞানপ্ৰাপ্তি বা মোক্ষ লাভ কৰিব পাৰি ।
2. বজ্ৰযানৰ সাহিত্যিক অৰ্থ - বজ্ৰৰ বাহন । ইয়াক হীৰাৰ বাহন ( Diamond Vehicle ) হিচাপেও জনা যায় ।
3. লিখনিত সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল ।

Post a Comment

1 Comments

  1. Caesars has a fantastic choice of slots for on-line gamers to choose from. Name your theme or 메리트카지노 construction and the positioning has loads of decisions. While older, more established markets like New Jersey could have the widest choice, users in all states of operation may have choices.

    ReplyDelete