Recents in Beach

All presidents of India in Assamese ~ ভাৰতৰ ৰাষ্ট্ৰপতি সকল ~ Assamese Gk for APSC and all govt job exam


ভাৰতৰ ৰাষ্ট্ৰপতি সকল ( List of all presidents of India ) :

1.ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ( Dr. Rajendra Prashad ): 
(26 জানুৱাৰী , 1950 - 13 মে' , 1962 )


2.সৰ্বপল্লী ৰাধাকৃষ্ণণ ( Sarvepalli Radhakrishnan ) : ( 13 মে',1962 -13 মে', 1967 )

3.জাকিৰ হুচেইন ( Zakir Hussain ):
( 13 মে', 1967 - 3 মে', 1969 )


4.বৰাহগিৰি ভেংকটগিৰি ( Varahagiri Venkatagiri ): ( 24 আগষ্ট , 1969 - 24 আগষ্ট , 1974)

5.ফকৰুদ্দিন আলী আহমেদ ( Fakaruddin Ali Ahmed ) : 
( 24 আগষ্ট ,1974 - 11 ফেব্ৰুৱাৰী , 1977 )


6. নীলম সঞ্জীৱ ৰেড্ডী ( Neelam Sanjib Reddy )
: (19 মে' ,1977 - 1 জুন , 1982)


7. গিয়ানী জাইল সিং ( Giyani Zail Singh ) :
( 25 জুলাই, 1982 - 25 জুলাই , 1987 )


8. ৰামস্বামী ভেংকটৰমণ ( Ramaswami Venkataraman ) :
( 25 জুলাই , 1987 - 25 জুলাই ,1992 )


9. শংকৰ দয়াল শৰ্মা ( Shankar Dayal Sarma ) : 
( 25 জুলাই , 1992 - 25 জুলাই , 1997 )


10.কে.আৰ নাৰায়ণন ( K.R. Narayanan ):
( 25 জুলাই , 1997 - 25 জুলাই ,2002 )


11. এ. পি. জে আব্দুল কালাম ( A.P.J. Abdul Kalam ): ( 25 জুলাই , 2002 - 25 জুলাই ,2007 )

12. প্ৰতিভা পাটিল ( Pratibha Patil ) :
( 25 জুলাই , 2007 - 25 জুলাই , 2012 )


13. প্ৰণৱ মূখাৰ্জী ( Pranab Mukherjee ) :
( 25 জুলাই , 2012 - 25 জুলাই , 2017 )


14. ৰামনাথ কোবিন্দ ( Ramnath Kovind ): 
( 25 জুলাই , 2017 - 25 জুলাই , 2022 )


1.ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ : (26 জানুৱাৰী , 1950 - 13 মে' , 1962 )

জন্ম : ১৮৮৪ চনত বিহাৰত ।
-> 1616 চনত বিহাৰ আৰু ওড়িষ্যা উচ্চ ন্যায়ালয়ত উকীল হিচাপে যোগ দিয়ে ।
-> 1911 ত কংগ্ৰেছত যোগদান ।
-> 1934 চনত অনুষ্ঠিত বোম্বে অধিৱেশনত তেঁওক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিযুক্ত কৰা হয় ।তাৰ পিছত ক্ৰমে 1939 ত সুভাষ চন্দ্ৰ বসু আৰু 1947 ত জে.বি. কৃপালনিৰ পদত্যাগৰ পিছত দ্বিতীয় আৰু তৃতীয়বাৰৰ বাবে কংগ্ৰেছৰ সভাপতি হয় ।
-> 1946 চনৰ 2 ছেপ্তেম্বৰত জৱাহৰলাল নেহেৰুৰ নেতৃত্বত গঠিত অন্তৰ্ৱৰ্তীকালীন চৰকাৰত তেঁও খাদ্য আৰু কৃষি বিভাগৰ মন্ত্ৰী হৈছিল ।
-> 1946 চনৰ 11 ছেপ্তেম্বৰত তেঁওক ভাৰতীয় সংবিধান সভাৰ সভাপতি নিৰ্বাচিত কৰে ।
-> 26 জানুৱাৰী , 1950 ত তেঁওক দেশৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয় ।
-> তেঁওৰ আত্মজীৱনী খনৰ নাম - "আত্মকথা"

2.সৰ্বপল্লী ৰাধাকৃষ্ণণ: ( 13 মে',1962 -13 মে', 1967 )

জন্ম : 5 ছেপ্তেম্বৰ , 1888 ( তামিলনাডু )
-> তেঁও 1931-36 লৈ তেঁও অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অাছিল । 1939 - 48 লৈ তেঁও বেনাৰস বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হয় । 1953-62 লৈ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হয় ।
-> 1954 ত ভাৰতৰত্ন লাভ কৰে ।
-> 1937 চনত তেঁওক নোবেল বটাৰ বাবে মনোনীত কৰা হৈছিল ।
->1946 চনৰ তেঁওক ভাৰতীয় সংবিধান সভাৰ সভাপতি নিৰ্বাচিত কৰে ।
-> 1946-52 লৈ তেঁও ভাৰতক UNESCO ৰ মজিয়াত প্ৰতিনিধিত্ব কৰিছিল ।
-> 1952 ত প্ৰথম গৰাকী হিচাপে উপৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ।

3.জাকিৰ হুচেইন : ( 13 মে', 1967 - 3 মে', 1969 )

জন্ম : 8 ফেব্ৰুৱাৰী , 1897 ( হাইদৰাবাদ )
-> 1926 ত বাৰ্লিন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডক্তৰেট লাভ কৰে ।
-> 1957-62 লৈ বিহাৰৰ ৰাজ্যপাল হৈ থাকে ।
-> 1962-65 লৈ ভাৰতৰ দ্বিতীয় উপৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ।
-> 1963 ত ভাৰতৰত্ন লাভ কৰে ।

4. বৰাহগিৰি ভেংকটগিৰি ( 24 আগষ্ট , 1969 - 24 আগষ্ট , 1974)

জন্ম : 10 আগষ্ট , 1894
-> 1936 ত বৃটিছ শাসিত ভাৰতবৰ্ষত তেঁও মাদ্ৰাছ বিধান সভাৰ সদস্য হয় । সেইসূত্ৰে 1937-39 লৈ তেঁও শ্ৰমিক আৰু উদ্যোগ মন্ত্ৰী নিৰ্বাচিত হয় ।
->1956-60 লৈ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল,, 1960-65 লৈ কেৰালাৰ ৰাজ্যপাল আৰু 1965-67 লৈ মাইছোৰৰ ৰাজ্যপাল হয় ।
-> 1975 ত ভাৰতৰত্ন সন্মান লাভ কৰে ।


5.ফকৰুদ্দিন আলী আহমেদ ( 24 আগষ্ট ,1974 - 11 ফেব্ৰুৱাৰী , 1977 )

জন্ম : 13 মে' , 1905
-> উত্তৰ পূৱৰ প্ৰথম MD ( Doctor of Medicine ) ডিগ্ৰী প্ৰাপ্ত ব্যক্তি ।
-> 1948 চনত গোপীনাথ বৰদলৈ মূখ্যমন্ত্ৰী থকা সময়ত তেঁও বিত্ত , কৰ আৰু শ্ৰমিক মন্ত্ৰী আছিল ।
-> বৰপেটা লোকসভা সমষ্টিৰ পৰা তেঁও ক্ৰমে 1967 আৰু 1971 ত লোকসভালৈ নিৰ্বাচিত হয় ।
-> তেঁওৰ নিজৰ ৰাষ্ট্ৰপতি কাৰ্য্যকাল শেষ নহওতেই কাৰ্য্যালয়ৰ ভিতৰত মৃত্যু হয় ।

6.নীলম সঞ্জীৱ ৰেড্ডী : (19 মে' ,1977 - 1 জুন , 1982)


জন্ম : 19 মে' , 1913 ( অন্ধ্ৰ প্ৰদেশ )
-> 1956 ত তেঁও অন্ধ্ৰ প্ৰদেশৰ প্ৰথম মূখ্যমন্ত্ৰী হয় ।
-> 1960-63 লৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয় ।
-> লাল বাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰী থকা সময়ত তেঁও ষ্টিল আৰু খনি ( Steel and mines ) মন্ত্ৰী হৈছিল ।
->1967-69 লৈ লোকসভাৰ চতুৰ্থ অধ্যক্ষ ( Speaker ) হয় ।
-> ভাৰতৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি হয় ।

7. গিয়ানী জাইল সিং ( 25 জুলাই, 1982 - 25 জুলাই , 1987 )


জন্ম : 5 মে' , 1916 ( পঞ্জাৱ )
-> 1972-77 লৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী হয় । মুখ্যমন্ত্ৰী হৈ তেঁও গুৰু গোবিন্দ সিঙৰ নামত এটা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰে ।
-> তেঁওৰ দিনত প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী । ইন্দিৰা গান্ধীয়ে 1 জুন , 1984 ত জাইল সিঙক এবাৰো নজনোৱাকৈ পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত " Operation Blue Star " চলাইছিল । ইয়াত কেবাজন শিখ সেনা নিহত হয় ।

8. ৰামস্বামী ভেংকটৰমণ : ( 25 জুলাই , 1987 - 25 জুলাই ,1992 )


জন্ম : 4 ডিচেম্বৰ , 1910 ( তামিলনাডু )
-> 1958 ত জেনেভাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক বৈঠক ( International Labour Conference )ত তেঁও ভাৰতীয় প্ৰতিনিধিমণ্ডল ক নেতৃত্ব দিছিল ।
-> ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী থকা কালত 1980-84 ৰ ভিতৰত তেঁও বিত্ত , গৃহ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰী হয় ।
-> 1984-87 লৈ গিয়ানী জাইল সিং ৰাষ্ট্ৰপতি থকা সময়ত তেঁও উপৰাষ্ট্ৰপতি হৈছিল ।

9. শংকৰ দয়াল শৰ্মা ( 25 জুলাই , 1992 - 25 জুলাই , 1997 )


জন্ম : 19 আগষ্ট , 1918 ( ভূপাল )
-> 1972 ত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি হয় ।
-> ‍1984 ত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হয় ।
-> 1985 ত শাসনাধীন ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰ আৰু শিখ সেনাৰ মাজত হোৱা সংঘাতৰ মাজতে তেঁও পঞ্জাৱৰ ৰাজ্যপাল হয় ।
-> 1986-87 লৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ( Governor ) হয় ।
-> 1987-92 লৈ ৰামস্বামী ভেংকটৰমণ ৰাষ্ট্ৰপতি হৈ থকা কালত শংকৰ দয়াল শৰ্মা উপৰাষ্ট্ৰপতি আছিল ।

10. কে.আৰ নাৰায়ণন : ( 25 জুলাই , 1997 - 25 জুলাই ,2002 )

জন্ম : 4 ফেব্ৰুৱাৰী , 1921 ( কেৰালা )
-> তেখেত দলিত সম্প্ৰদায়ৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ।
-> লোকসভা নিৰ্বাচনত ভোট দিয়া প্ৰথম ৰাষ্ট্ৰপতি ।
-> ভাৰতৰ স্বাধীনতাৰ সোণালী জয়ন্তীত (Golden Jubilee )  তেখেতে সভাপতিত্ব কৰে ।
-> 1976-78 লৈ চীনত ( China ) আৰু 1980-84 লৈ আমেৰিকাত ( United Sates ) ভাৰতৰ ৰাষ্ট্ৰদূত ( ambassador ) হৈ আছিল ।
->1992-97 লৈ ভাৰতৰ উপৰাষ্ট্ৰপতি ( Vice President ) হয় ।

11. এ. পি. জে আব্দুল কালাম : ( 25 জুলাই , 2002 - 25 জুলাই ,2007 )


জন্ম : 15 অক্টোৱৰ , 1931 ( তামিলনাডু )
-> মাদ্ৰাছ কাৰিকৰী শিক্ষা প্ৰতিস্থান ( Madras Institute of Technology ) ৰ পৰা ডিগ্ৰী লয়
-> তাৰ পিছত তেঁও ভাৰতৰ সুৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ ( DRDO - Defence Research and Development Organization ) অধীনত বৈমানিক বিকাশ স্থাপনা ( Aeronotical Development Establishment ) কেন্দ্ৰত বৈজ্ঞানিক ( Scientist ) হিচাপে যোগদান কৰে ।
-> 1969 ত তেঁওক ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থালৈ ( ISRO - Indian Space Research Organization ) বদলি কৰে । তাত তেঁও ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ যান SLV 3 ( satellite launch Vehicle -3 ) ৰ প্ৰকল্প পৰিচালক ( Project Director ) হিচাপে আছিল ।
-> 1980 ৰ জুলাই মাহত সফলভাৱে ৰোহিনী ( Rohini ) উপগ্ৰহ কক্ষপথত সংস্থাপন কৰে ।
-> তেঁও অগ্নি ( Agni ) , পৃথ্বি ( Prithvi ) আদি মিচাইল সফলতাৰে উৎক্ষেপণ কৰে ।

12. প্ৰতিভা পাটিল ( 25 জুলাই , 2007 - 25 জুলাই , 2012 )


জন্ম : 19 ডিচেম্বৰ , 1934 ( মহাৰাষ্ট্ৰ )
-> 1991 ত লোকসভাৰ সদস্য নিৰ্বাচিত হয় ।
-> 2004-07 লৈ ৰাজস্থানৰ ৰাজ্যপাল হয় ।

13.প্ৰণৱ মূখাৰ্জী ( 25 জুলাই , 2012 - 25 জুলাই , 2017 )


জন্ম : 11 ডিচেম্বৰ , 1935 ( পশ্চিম বংগ )
-> প্ৰধানমন্ত্ৰী পি. ভি. নৰসিংহৰাও ৰ সময়ত তেঁওক যোজনা আয়োগৰ উপাধ্যক্ষ ( Deputy Chairman of Planning commission ) নিযুক্ত কৰে ।
-> মনমোহন সিং প্ৰধান মন্ত্ৰী থকা কালত তেঁও 2004-06 লৈ প্ৰতিৰক্ষা মন্ত্ৰী হয় , 2006-09 লৈ বিদেশ মন্ত্ৰালয়ৰ আৰু 2009-12 লৈ বিত্ত মন্ত্ৰী আছিল ।


14. ৰামনাথ কোবিন্দ : ( 25 জুলাই , 2017 - 25 জুলাই , 2022 )

জন্ম : 1 অক্টোৱৰ , 1945 ( কানপুৰ , উত্তৰ প্ৰদেশ )
-> 1977 আৰু 1978 ৰ মাজ ভাগত তেতিয়াৰ প্ৰধান মন্ত্ৰী মোৰাৰ্জী দেশাইৰ ব্যক্তিগত সহায়ক হিচাবে কাম কৰিছিল ।
-> 1980-93 লৈ তেঁও ভাৰতৰ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ আইনী পৰামৰ্শদাতা হিচাপে আছিল ।
-> 2015-17 লৈ বিহাৰৰ ৰাজ্যপাল আছিল ।

Post a Comment

0 Comments