দানৱ বংশ (Danava Dynasty) :
-> আমি অসমত ৰাজত্ব কৰা প্ৰথম বংশ বুলিলে দানৱ বংশকে বুজো ।-> দানৱ বংশৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ (Mahirangadanava)।
-> মহিৰংগ দানৱৰ ৰাজধানী (Capital) আছিল - মৈৰংক (Mairanka)
-> মহিৰংগ দানৱ (Mahirangadanava) আছিল অনাৰ্য (Non aryan) মূলৰ আৰু তেঁওক কিৰাট প্ৰমুখ (Kirat Chief) বুলি জনা যায় ।
-> মহিৰংগ দানৱৰ পৰৱৰ্তী শাসকবোৰ আছিল ক্ৰমে
1. হতকাসুৰ (Hatakasur)
2. সম্বাসুৰ (Sambasur)
3. ৰত্নাসুৰ (Ratnasur)
4. ঘটকাসুৰ (Ghatakasur)
-> দানৱ বংশৰ অন্তিম শাসক ঘটকাসুৰক (Ghatakasur) হত্যা কৰি ৰাজপাটৰ পৰা আতৰ কৰে নৰকাসুৰে (Narakasur) ।
অসুৰ বংশ (Asur Dynasty) :
-> অসুৰ বংশ প্ৰতিষ্ঠা কৰে নৰকাসুৰে (Narakasur)-> বিষ্ণু পুৰাণ (Vishnu Puran) , ৰামায়ণ (Ramayana) , মহাভাৰত (Mahabharata) , কালিকা পুৰাণত (Kalika Puran) ত অসুৰ বংশৰ উল্লেখ পোৱা যায় ।
-> নৰকাসুৰ ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰৰ পুত্ৰ বুলি প্ৰবাদ আছে ।
-> বিদেহৰ(Videha) ৰজা জনকে (Janak) নৰকাসুৰক ডাঙৰ দীঘল কৰে । পিছত নৰকাসুৰে বিদেহৰ (Videha) পৰা পলাই আহি প্ৰাগজ্যোতিষপুৰ (Pragjyotishpur) ত নতুন সাম্ৰাজ্য স্থাপন কৰে ।
-> নৰকাসুৰেই আছিল প্ৰথম ৰজা যিয়ে অসমত আৰ্য সংস্কৃতিৰ পাতনি মেলে ।
-> এই নৰকাসুৰেই নীলাচল পাহাৰত (Nilachal ) কামখ্যা মন্দিৰ (Kamakhya Temple) নিৰ্মাণ কৰে ।
-> নৰকাসুৰৰ পিছৰ শাসক আছিল - ভগদত্ত (Bhagadatta)
-> ভগদত্তই নিজৰ জীয়াৰী ভানুমতীক (Bhanumati) দুৰ্যোধনলৈ বিয়া দিছিল বুলি প্ৰবাদ আছে ।
-> মহাভাৰতৰ যুদ্ধত ভগদত্তই কৌৰৱৰ ফলীয়া হৈ যুদ্ধ কৰে ।
-> ভগদত্ত (Bhagadatta) ৰ পিছত বজ্ৰদত্ত (Bajradatta ) কামৰূপৰ শাসক হয় বুলি কিছুমান উৎসত পোৱা যায় ।
-> নৰকাসুৰৰ সমসাময়িক দুজন ৰজা আছিল- বানাসুৰ (Banasur) আৰু ভীষ্মক (Bhismaka)
বানাসুৰ (Banasur) :
-> তেঁওৰ ৰাজধানী (Capital) আছিল - তেজপুৰ (Tezpur)-> বানাসুৰৰ জীয়াৰী উষাক (Usha) শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ (Aniruddha) লৈ বিয়া দিছিল ।
ভীষ্মক (Bhismaka) :
-> তেঁও আছিল বিদৰ্ভৰ (Bidarva) [ শদিয়া (Sadia region ) ] ৰ শাসক ।-> ৰাজধানী (Capital) - কুণ্ডিন (Kundina)
-> ভীষ্মকৰ জীয়াৰী আছিল - ৰুক্মিণী (Rukmini)
শ্ৰী কৃষ্ণই ৰুক্মিণীক বিয়া কৰাব বিচাৰিছিল । কিন্তু ভীষ্মকে বিচাৰিছিল যে তেঁওৰ কন্যাৰ বিবাহ শিশুপাল (Sisupala) ৰ সৈতে হওঁক । সেয়ে শিশুপাল আৰু ৰুক্মিণীৰ সয়ম্বৰৰ দিনাই শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰে ।
1 Comments
বহুত ভাল ৱেবচাইট হয়। ধন্যবাদ
ReplyDelete