Recents in Beach

Koch kingdom , kachari and Chutiya kingdom - in Assamese


 চুতীয়া ৰাজ্য (Chutiya Kingdom) : 

-> চুতীয়া সকলৰ এজন মুখীয়াল বীৰপালে (Birpala) য়ে চুতীয়া ৰাজ্য প্ৰতিস্থা কৰে । 

-> চুতীয়া সকলে নিজক ভীষ্মক (Bhismak) ৰ বংশধৰ বুলি দাবী কৰে । 

-> বীৰপালৰ পিছৰ শাসক আছিল চুতীয়া বংশৰ প্ৰতাপী শাসক - গৌৰিনাৰায়ণ (Gaurinarayan) বা  ৰত্নধ্বজপাল (Ratnadhwajpal) 

-> গৌৰিনাৰায়ণে কমতাৰ (Kamata) ৰজা সন্ধ্যাৰ (Sandhya) ৰ কন্যাৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰে । 

-> চুতীয়া সকলৰ ৰাজধানী (Capital) আছিল - শদিয়া (Sadiya)  

-> শেষৰজন শক্তিশালী (Powerful) চুতীয়া ৰজা আছিল - ধীৰনাৰায়ণ (Dhirnarayan) বা ধৰ্মপালধ্বজ (Dharmapaldhvaj) 

-> চুতীয়া ৰাজ্যৰ শেষৰজন শাসক হ'ল - ধীৰনাৰায়ণৰ জোৱাই - নীতিপাল (Nitipala) 

-> নীতিপালৰ দিনতে 1523 ত আহোম ৰজা চুহুংমুঙে (Suhungmung) কছাৰী ৰাজ্যআহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে । 

কছাৰী ৰাজ্য (Kachari Kingdom) :

-> তেঁওলোকৰ ৰাজধানী আছিল - ডিমাপুৰ (Dimapur) 

-> তেঁওলোকক ডিমাচা (Dimasa) , বড়ো (Bodo) , মেচ (Mech) আদি বিভিন্ন নামেৰে জনা যায় । 

-> 1526 ত আহোম ৰাজ্যৰ ৰজা চুহুংমুঙে কছাৰী সকলক হৰুৱাই । কছাৰী সকলক সেয়ে আহোমৰ থাপিত আৰু সঞ্চিত (Thapita and sanchita) বুলি জনা যায় ।

-> আহোমৰ হাতত পৰাস্ত হৈ কছাৰী সকলে ৰাজ্যৰ ৰাজধানী মাইনঙলৈ (Maibong) স্থানান্তৰ কৰে ।  

-> কোঁচ সকলে 1562 কছাৰী ৰাজ্য আক্ৰমণ কৰে । 

কোঁচ ৰাজ্য (Koch kingdom) : 

-> এই ৰাজ্যৰ উপৰিপুৰুষ আছিল - হাৰিয়া মণ্ডল (Hariya Mandal) 

-> কোঁচ ৰাজ্যৰ প্ৰতিস্থাপক আছিল - বিশ্ব সিংহ (Bishwa Singha

-> বিশ্ব সিংহৰ দিনতে আহোমে কোঁচ সকলক পৰাস্ত কৰে। 

-> 1540 বিশ্ব সিংহৰ মৃত্যু হয় । 

-> বিশ্ব সিংহৰ মৃত্যুৰ সময়ত তেঁওৰ দুজন ডাঙৰ পুত্ৰ মল্লদেৱ (Malladev) আৰু শুক্লধ্বজ (Shukladhwaj) আছিল বেনাৰসত (Banaras)

-> ডাঙৰ পুত্ৰ দুজনৰ অনুপস্থিতিৰ (absence) সুযোগ লৈ বিশ্ব সিংহৰে আন এজন পুত্ৰ নৰসিংহ (Narasingha) ৰজা হয় । কিন্তু এই খবৰ মল্লদেৱ আৰু শুক্লধ্বজে পাই তেঁওলোক বেনাৰসৰ পৰা উভতি আহে আৰু ভায়েক নৰসিংহক পৰাস্ত কৰি শাসনৰ পৰা আতৰাই ।

-> এইবাৰ ৰজাৰ আসনত বহে - মল্লদেৱ যাক অসমৰ ইতিহাসত নৰনাৰায়ণ (Naranarayan) বুলি জনা যায় । 

নৰনাৰায়ণ (Naranarayan) : 

-> তেঁও ভাতৃ শুক্লধ্বজক (Shukladhwaj) সেনাপতি (Commander in chief) হিচাপে নিযুক্ত কৰে । 

-> শুক্লধ্বজৰ আন দুটা নাম হ'ল -
        1. চিলাৰায় (Chilarai)
        2. সংগ্ৰাম সিংহ (Sangram Singha)

-> নৰনাৰায়ণৰ সময়ত আহোমৰ ৰজা আছিল - চুক্লেংমুং (Suklengmung) আৰু চুখামফা (Sukhampha) । সেই সময়ত কোঁচ সকলে আহোমক পৰাস্ত কৰে । 

-> নৰনাৰায়ণে কছাৰী ৰাজ্য , জয়ন্তীয়া , ত্ৰিপুৰা, মণিপুৰ আদিলৈ ৰাজ্য সম্প্ৰসাৰণ কৰে ।

-> 1575 ত নৰনাৰায়ণৰ সেনাপতি চিলাৰায়ৰ মৃত্যু হয় । 

-> চিলাৰায়ৰ পুত্ৰ আছিল ৰঘুদেৱ (Raghudev)নৰনাৰায়ণ বহু দিনলৈ নিসন্তান হৈ থকা বাবে ৰঘুদেৱকে পৰৱৰ্ত্তী উত্তৰাধিকাৰী হিচাপে বা হৈছিল । 

-> সময়ত নৰনাৰায়ণৰ এক সন্তান হ'ল । যাৰ নাম আছিল - লক্ষ্মীনাৰায়ণ (Laxmi Narayan) । এই কথাত পৰৱৰ্ত্তী শাসক হোৱাৰ পৰা বঞ্চিত হ'ব বুলি শংকিত হৈ চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱে বিদ্ৰোহ কৰে । 

-> সেয়ে নৰনাৰায়ণে কোঁচ ৰাজ্য দুভাগত বিভক্ত কৰে - 
  1. পূৱৰ ফালে -  কোঁচ হাজো (Koch Hazo) :
          এই অংশ পালে ৰঘুদেৱে (Raghudev)

  2. পশ্চিমৰ ফালে - কোঁচ বিহাৰ (Koch Bihar) :
          এই অংশ পালে লক্ষ্মীনাৰায়ণে (Laxmi narayan)

-> নৰনাৰায়ণৰ সময়তে চিলাৰায়ে (Chilarai) কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে ।

-> নৰনাৰায়ণ শংকৰেদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ পৃষ্ঠপোষক আছিল । 

-> কোঁচ বিহাৰৰ পৰা নাৰায়ণপুৰলৈ বিস্তৃত গোঁহাইকমল আলি (Gohainkamal Ali) নৰনাৰায়ণৰ দিনতে নিৰ্মিত । ইয়াৰ চোৱা চিতাৰ দ্বায়িত্বত আছিল নৰনাৰায়ণৰ সতীয়া ভাতৃ গোঁহাই কমল । তেঁওৰ নামৰেই এই ৰাস্তাটোৰ নামাকৰণ কৰা হৈছে । 

-> নৰনাৰায়ণৰ দিনতে 1578 ত মোগল সম্ৰাট আকবৰৰ লগত কোঁচ ৰাজ্যৰ এক মিত্ৰতা (alliance )  হৈছিল । 

লক্ষ্মীনাৰায়ণ (Laxminarayan) : 

-> লক্ষ্মীনাৰায়ণৰ দিনত দামোদৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে । 

Post a Comment

0 Comments