Noun :
যিকোনো প্ৰাণী (Living being), ঠাই (Place) , বস্তু (Things) আদিৰ নাম বুজোৱা শব্দকে Noun বোলে ।
eg: Raju , Cow , Banana , Guwahati etc.
এই শব্দকেইটাই একো একোটা নাম বুজাইছে । সেয়া মানুহৰ নাম , জন্তুৰ নাম , ফলৰ নাম বা ঠাইৰ নাম যিকোনো হ'ব পাৰে ।
Noun মূলত: দুই প্ৰকাৰৰ :
1. Countable Noun - যিবোৰ বস্তু সংখ্যাৰে গনিব পাৰি সেয়াই Countable Noun. ই Singular আৰু Plural দুয়োটা হ'ব পাৰে ।
eg: Pen, Ball, Book etc.
2. Uncountable Noun - যিবোৰ বস্তু সংখ্যাৰে গনিব নোৱাৰি সেয়াই Uncountable Noun. ইহঁত Singular হয় । Noun টো Singular হ'লে ইয়াৰ বাবে ব্যৱহাৰ কৰা Pronoun টো Singular হ'ব ।
eg: Water, Sugar, Silver etc.
Countable noun ৰ প্ৰকাৰ :
1. Proper Noun :
a. এনেকুৱা Noun যিয়ে এজন নিৰ্দিষ্ট মানুহ , ঠাই, বস্তু আদিৰ নামক সূচায় ।
eg. Names( মানুহৰ নাম ) - Rahul , Rima
Places ( ঠাইৰ নাম ) - Guwahati , Assam
Things ( বস্তুৰ নাম ) - Ramayana book, Titan watch
b. কোনো এটা Verb ৰ পিছত -ing বহিলে সেয়া Noun হ'ব ।
eg. Swimming , Running etc
c. verb এটাৰ আগত to বহিলে noun ৰ কাম কৰে ।
eg: I want to talk to you.
- ইয়াত to eat হ'ল এটা Noun.
2. Common Noun :
যিবোৰ Noun য়ে বহু একে ধৰণৰ ব্যক্তি লগ হৈ গঠিত একোটা শ্ৰেণী বা জাতি , বহু একে শ্ৰেণীৰ ঠাই অদি প্ৰকাশ কৰে , সেইবোৰেই Common Noun.
eg:
1. Boys , Girls - ইয়াত দুয়োটাই Common Noun কাৰণ , Boys বা Girls বুলি ক'লে সমগ্ৰ ল'ৰা জাতিটোক একেলগে বুজাইছে ।
2. Villages , States - সকলো গাঁও বা ৰাজ্যক একেলগে সাঙুৰি লোৱা হৈছে । সেয়ে ইহঁত হ'ল Common Noun .
3. Mobiles , Bikes - ইয়াত Mobile বুলি কওতে Nokia ,Samsung, Redmi সকলো হ'ব পাৰে । আকৌ Bikes বুলি কওতে গোটেই বাইক সমূহৰ শ্ৰেণীটোক বুজাইছে , তাত Hero , TVS , Honda বুলি কোনো কথা নাই । ইয়াত Nokia বা Hero হ'ল একো একোটা Proper noun .
3. Collective Noun :
যিবোৰ noun য়ে একোটা জাতি বুজোৱা শব্দ অৰ্থাৎ common noun ৰ group সমূহক এটা Single word ত প্ৰকাশ কৰে ।
eg: আমি এটা Common noun ল'লো - Pupil অৰ্থাৎ শিষ্য । ইয়াত Pupil বুলি কওতে গোটেই শিষ্য জাতিকে বুজোৱা হৈছে ।
ধৰিল'লো আমি এইবাৰ কেইজন মান শিষ্যৰ এটা দল বুলি ক'ম - A group of Pupils .
Pupils ৰ group টোক আমি এটা singular noun "Batch" ৰ সহায়ত বুজাব পাৰো । তেন্তে আমি A batch of pupils বুলি কম । Batch টো হ'ব এটা Collective noun.
Collective Noun ব্যৱহাৰ কৰাৰ নিয়ম :
a. Collective Noun ৰ ঠিক আগত কোনো Article (A/An/The) ব্যৱহাৰ কৰিব নালাগে ।
eg : There is a panel for judgement .(Wrong)
-> There is panel for judgement . (Right)
-ইয়াত panel হ'ল এটা collective noun . ইয়াৰ আগত 'A' article ব্যৱহাৰ নহয় ।
b. Collective noun কেতিয়াও Plural হ'ব নোৱাৰে ।
eg: There are crowds on the road. (Wrong)
-> There is crowd on the road . (Right)
ইয়াত crowd হ'ল collective noun . ইয়াক plural form ত crowds লিখিব নোৱাৰি । ই সদায় Singular form তে crowd হিচাপে ব্যৱহাৰ হয় ।
c. Collective noun সদায় singular verb ৰ সৈতে যোগ হয় ।
eg: 1. China's army was finally defeated at Ladakh .
- ইয়াত Army এটা Collective noun . ইয়াক সদায় Singular হিচাপে ব্যৱহাৰ কৰা হয় । সেয়ে army ৰ সৈতে was (singular verb) যোগ হ'ব । army were কেতিয়াও নহয় ।
2. In IPL every team includes four players who are from outside India.
- ইয়াত team হ'ল এটা Collective Noun . team ৰ পিছত যোগ হোৱা " Include " verb টোত "s" লগাই singular অৰ্থত ব্যৱহাৰ কৰা হৈছে ।
Exception:
Jury আৰু Audience এই collective noun দুটা singular আৰু Plural এই দুয়োটা ধৰণে ব্যৱহাৰ কৰিব পাৰি ।
eg:
1. The jury has given its verdict .
- ইয়াত Jury এটা Singular collective noun হিচাপে ধৰা হৈছে । সেয়ে Jury ৰ পিছত " has " verb ব্যৱহাৰ কৰা হৈছে । আকৌ Jury ক singular noun ধৰা বাবেই given ৰ পিছত its ব্যৱহা ৰ কৰা হৈছে । ইয়াত its ৰ সলনি their ব্যৱহাৰ কৰিলে ভুল হ'ব ।
The jury has given their verdict (wrong)
2. The jury are divided in their verdict.
- ইয়াত বাক্যটোৰ অৰ্থমতে Jury বা বিচাৰক সকল ৰায়দানৰ ক্ষেত্ৰত বিভাজিত হ'ল । মানে Jury ৰ সদস্য সকলে ভিন ভিন ৰায় দিলে ।
ইয়াত Jury এটা Plural noun বাবে ইয়াৰ লগত are যোগ হৈছে আৰু in their verdict লিখা হৈছে । in its verdict হ'লে ভুল হ'ব ।
The jury are devided in it's verdict. (Wrong)
Material Noun :
যিবোৰ কেচা সামগ্ৰী (raw material) ৰ পৰা আন বস্তু প্ৰস্তুত কৰা হয় তাক Material noun বুলি কোৱা হয় ।
eg:
Gold , Silver , Copper , Milk , Coffee , Tea
Material Noun যুক্ত উপাদান বোৰ ব্যৱহাৰ কৰি যিটো Final product প্ৰস্তুত কৰা হয় সেয়া হ'ব Common noun.
eg: Milk হ'ল এটা Material Noun কিন্তু ইয়াৰ পৰা প্ৰস্তুত কৰা Paneer হ'ব এটা Common noun.
কিন্তু অমি যদি কও Amul Milk , Purabi Milk তেন্তে এইবোৰ হ'ব Proper Noun.
Abstract Noun :
যিবোৰ Noun য়ে Quality , condition আৰু action আদি প্ৰকাশ কৰে যাক কেৱল মনৰ পৰা অনুভৱ কৰিব পাৰি , কিন্তু চকুৰে দেখা নাযায় ।
eg:
Honesty , Bravery , Pride , Wisdom , Humanity , Childhood , Anger etc.
0 Comments