শালস্তম্ভ বংশ (Salastambha Dynasty) :
-> কিছূমান বিদ্বানৰ (Scholars) মতে ভাস্কৰবৰ্মনৰ পৰৱৰ্ত্তী শাসক আছিল অৱন্তি বৰ্মন (Avanti varman) , এই অৱন্তি বৰ্মনকে পিছত শালস্তম্ভই (Salstambha) গাদীচ্যুত কৰি শালস্তম্ভ বংশ স্থাপন কৰে । আকৌ কিছুমান বিদ্বানে অৱন্তি বৰ্মন আৰু শালস্তম্ভ একেজনেই বুলি ক'ব খোজে ।-> শালস্তম্ভ বংশৰ প্ৰথম শাসক আছিল - শালস্তম্ভ (Salastambha)
-> ৰতনপালৰ বৰগাঁও শিলালিপিত (Bargaon inscription of Ratanpala) শালস্তম্ভক ম্লেচ্চাদিনাথ (Mlechchadinath) বুলি উল্লেখ আছে । এই ম্লেচ্চাদিনাথ (Mlechchadinath) নামটো আচলতে পাহাৰীয়া লোকৰ লগত জড়িত । ইয়াৰ পৰা শালস্তম্ভ অনাৰ্য্য (Non aryan) মূলীয় বুলি জানিব পাৰি ।
-> শালস্তম্ভ বংশ উপাসনা কৰা দেৱতা আছিল - হাতক (Hatak) বা হেতুকা চুলিন (Hetuka Sulin) ।
-> তেঁও ৰাজধানী খন প্ৰাগজ্যোতিষপুৰৰ (Pragjyotishpur) পৰা হৰূপেশ্বৰলৈ (Harupeswar) স্থানান্তৰিত কৰে ।
-> শালস্তম্ভৰ পিছত 20 জন ৰজাই ৰাজত্ব কৰে । ইয়াৰে কেইজনমান গুৰুত্বপূৰ্ণ শাসক আছিল -
শ্ৰীহৰ্ষদেৱ (Sri Harsadev) [725 AD -750 AD ]
-> শ্ৰীহৰ্ষদেৱৰ জীয়াৰী ৰাজ্যমতীক (Rajyamati) নেপালৰ লিচাভি ৰজা (Lichchavi king) জয়দেৱ-2 (Jaydev-2) লৈ বিয়া দিছিল ।-> জয়দেৱ -2 ৰ পশুপতি লিপি (Pashupati Epigraph) ত শ্ৰীহৰ্ষদেৱৰ বিষয়ে গৌদ্ৰাদি-কলিংগ-কৌশল পতি (Gaudradi - Kalinga - Kosala Pati) বুলি উল্লেখ আছে ।
-> শ্ৰীহৰ্ষদেৱে শৈল বংশৰ (Saila Dynasty) শাসকক পৰাস্ত কৰি কলিংগ (Kalinga) আৰু কৌশল (Kosala) দখল কৰে ।
-> জীৱিতগুপ্ত -2 (Jivitagupta-2) ক পৰাস্ত কৰি তেঁও কামৰূপৰ সীমা মগধলৈ (Magadha) বিস্তৃত কৰে ।
-> শ্ৰীহৰ্ষ বৰ্মনৰ সময়ত গৌড় (Gauda) , কলিংগ (Kalinga) , মগধৰ কিছু অংশ (Some parts of Magadha), মাদ্ৰাজৰ উত্তৰভাগ (Northern parts of Madras) কামৰূপৰ অন্তৰ্ভুক্ত হৈছিল ।
-> হৰ্ষবৰ্মনক কনৌজৰ (Kannauj) ৰ যশোবৰ্মনে (Yashovarman) পৰাস্ত কৰি হৰ্ষবৰ্ধনে নতুনকৈ দখল কৰা অঞ্চল সমূহ নিজৰ অধীন কৰে ।
হৰ্জৰাবৰ্মন (Harjaravarman) :
-> জয়পালৰ (Jayapala) সৈতে হোৱা সংঘৰ্ষত কামৰূপে পৌন্ধ্ৰবৰ্ধন (Paundhravardhan) ঠাইখন হেৰুৱাই ।বনমালা বৰ্মন (Vanamala Varman) :
-> হৰ্জৰাবৰ্মনৰ (Harjaravarman) দিনত হেৰুওৱা পৌন্ধ্ৰবৰ্ধন (Paundhravardhan) উদ্ধাৰ কৰে । সেইখিনি ঠাইতে ভূতিবৰ্মনে 200 ব্ৰাহ্মণ পৰিয়ালক ভূমি দান কৰি গৈছিল ।-> শালস্তম্ভ বংশৰ শেষৰজন শাসক আছিল - ত্যাগসিংহ (Tyagsingha)
-> শালস্তম্ভ বংশৰ ৰাজত্ব কালতে বেদান্ত শুধাৰক (Vedanta Reformist) শংকৰাচাৰ্যই (Sankaracharya) ই কামৰূপ ভ্ৰমণ কৰে ।
1 Comments
ধুনীয়া
ReplyDelete