Recents in Beach

Maurya Dynasty - Bindusar - Explained in Assamese for APSC and other assam govt exam - বিন্দুসাৰ


বিন্দুসাৰ ( Bindusara ) :


-> বিন্দুসাৰ আছিল চন্দ্ৰগুপ্ত মৌৰ্য আৰু দুৰ্ধাৰাৰ সন্তান ।

বিন্দুসাৰৰ আন কেইটামন নাম হ'ল -
a. অমিত্ৰঘাট ( Amitraghat ) - মহাভাষ্য (Mahabhashya )
b. অমিত্ৰচেটছ ( Amitrachates ),
c. সিংহসেন ( Simhasena ) - ৰাজাৱলী কথা ( Rajavali Katha ) ত উল্লেখ আছে
d. ভদ্ৰসাৰ ( Bhadrasar ) - বায়ু পুৰাণত ( Vayu Purana )
e. বাৰিসাৰ ( Varisara ) - ভাগৱত পুৰাণ ( Bhagawat Purana )
f. এল্লিট্ৰ'চেডছ (Allitrochades)

-> বিন্দুসাৰৰ ৰাজসভাত প্ৰধানমন্ত্ৰী তথা মুখ্য পৰামৰ্শদাতা আছিল - চানক্য ( Chanakya )

-> চানক্যৰ পিছত প্ৰধানমন্ত্ৰী আছিল - ৰাধাগুপ্ত (Radhagupta )

-> বিন্দুসাৰ আছিল অজীৱক ( Ajivak ) আদৰ্শৰ অনুগামী ।

-> বিন্দুসাৰৰ ৰাজত্বকালতে চেলুচিদ ৰজা (Selicid King )  এন্টিওকাছৰ (Antiochus) এজন দূত (ambassador) ভাৰতলৈ আহে । তেঁওৰ নাম আছিল - ডেইমেকাচ (Deimachus )

-> বিন্দুসাৰৰ কালত 500 সদস্যৰে গঠিত এখন মন্ত্ৰী পৰিষদ আছিল । ইয়াক খল্লালতক (Khallaltak) বুলি জনা গৈছিল ।

-> বিন্দুসাৰৰ সময়ত তক্ষশিলা (Takshshila) ত বিদ্ৰোহ হৈছিল । এই বিদ্ৰোহ দমনৰ বাবে অশোক (Ashoka) আৰু সুষিমা (Sushima) ক পঠিয়াই ।

বিন্দুসাৰ আৰু চানক্যৰ মাজৰ সম্পৰ্ক :

-> বিন্দুসাৰ তেঁওৰ মাতৃ দুৰ্ধাৰাৰ ( Durdhara ) গৰ্ভত থকা সময়ত প্ৰধানমন্ত্ৰী চানক্যই দুৰ্ধাৰাৰ স্বামী অৰ্থাৎ চন্দ্ৰগুপ্তৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত ভৱিষ্যতে যাতে বিষপানেও (Poison) চন্দ্ৰগুপ্তৰ মৃত্যু ঘটাব নোৱাৰে ; তাৰ বাবে সদায় খাদ্যৰ লগত অলপ অলপ বিষ মিহলাই অভ্যাস কৰাইছিল । কিন্তু এদিন এই বিষয়ে অজ্ঞাত চন্দ্ৰগুপ্তই খাদ্য পত্নী দুৰ্ধাৰাৰ সৈতে ভগাই খোৱাত দুৰ্ধাৰা মৃত্যু মুখত পৰে । কিন্তু বিন্দুসাৰ জীৱন্তে মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হয় ।

-> চন্দ্ৰগুপ্তৰ মৃত্যুৰ পিছতো বিন্দুসাৰৰ ৰাজসভাত চানক্য প্ৰধানমন্ত্ৰী আছিল ।

-> সেই ৰাজসভাৰে আন এজন মন্ত্ৰী সুবন্ধু (Subandhu) ৱে চানক্য আৰু বিন্দুসাৰৰ মাজৰ এই মিত্ৰতা সহ্য কৰিব নোৱাৰি বিন্দুসাৰক চানক্য তেঁওৰ মাতৃৰ হত্যাকাৰী বুলি অৱগত কৰে ।

-> ইয়াৰ পিছৰ পৰা বিন্দুসাৰে চানক্যক বেয়া পাব লয় । এই কথাত দুখ পাই চানক্যই প্ৰধানমন্ত্ৰী পদৰ পৰা অৱসৰ গ্ৰহণ কৰি চাল্লেখানা ( Sallekhana ) ব্ৰত অৰ্থাৎ মৃত্যু পৰ্যন্ত অনাহাৰে থকাৰ সংকল্প লয় ।

-> পিছত বিন্দুসাৰে মাতৃৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পাৰি তাৰ বাবে প্ৰকৃততে যে চানক্য দোষী নাছিল বুজি পায় । ইয়াৰ পিছত বিন্দুসাৰে চানক্যক প্ৰধানমন্ত্ৰী পদ ঘুৰাই ল'ব আহ্বান জনায় ।

-> চানক্যক সেই সময়তে সুবন্ধুৱে জুই লগাই হত্যা কৰে ।

Post a Comment

0 Comments