তুৰ্ক - আফগানৰ আক্ৰমণ ( Turk Afghan Invasion in Assam) :
গিয়াছুদ্দিন ইৱাজ খিলজীৰ অনুপ্ৰৱেশ (Invasion of Ghiyasuddin Iwaj Khilji in Assam) :
-> ইলটুটমিচ (Iltutmish) ৰ সময়ত বংগৰ গৱৰ্ণৰ আছিল গিয়াছুদ্দিন ইৱাজ খিলজী (Ghiyasuddin Iwaj Khilji) ।
-> গিয়াছুদ্দিনে 1227 ত কামৰূপ আক্ৰমণ কৰিব আহে । কিন্তু সেই সময়তে ইলটুটমিচৰ (Iltutmish) পুত্ৰ নাছিৰুদ্দিনে (Nasiruddin) বংগত আক্ৰমণ কৰে । এই খবৰ পাই গিয়াছুদ্দিনে পুনৰ বংগলৈ ঘুৰি যায় আৰু পিচত নাছিৰুদ্দিনে তেঁওক হত্যা কৰে ।
-> ইয়াৰ পিছত নাছিৰুদ্দিনে কামৰূপত প্ৰৱেশ কৰি সেই সময়ৰ শাসক পৃথুক (Prithu) হত্যা কৰে আৰু পৃথুৰে উত্তৰাধিকাৰী সন্ধ্যা (Sandhya) ক এটা বিশেষ স্বৰ্তত শাসনভাৰ দিয়ে যে সন্ধ্যাই প্ৰতিবছৰে নাছিৰুদ্দিনক অভিবাদন জনাব লাগিব ।
তুঘৰিল খানৰ অনুপ্ৰৱেশ ( Invasion of Tughril Khan) :
-> নাছিৰুদ্দিনৰ মৃত্যুৰ পিছত সন্ধ্যাই নিজক স্বাধীন (Independent) ঘোষণা কৰে ।
-> সন্ধ্যাই চুতীয়া ৰাজ্যৰ (Chutiya Kingdom) সৈতে মিত্ৰতা (alliance) স্থাপন কৰে ।
-> 1257 AD ত তুঘৃল খানে কামৰূপত প্ৰৱেশ কৰে ।
-> প্ৰথমাৱস্থাত কামৰূপৰ শাসক সন্ধ্যাই পলাই যায় । কিন্তু পিছলৈ সুবিধা বুজি তেঁও কামৰূপত কৃত্ৰিম বানপানীৰ (Artificial Flood) সৃষ্টি কৰে আৰু শেষত এইদৰেই তুঘৃল খান (Tughril Khan) ক পৰাস্ত কৰে ।
-> সন্ধ্যাই কামৰূপৰ ৰাজধানী (Capital) খন কামৰূপ নগৰ (Kamrupa Nagar) ৰ পৰা কমতাপুৰলৈ (Kamatapur) স্থানান্তৰিত কৰে ।
-> সেই সময়ৰ পৰাই কামৰূপৰ শাসক সকলে কমতেশ্বৰ (Kamateswar) নামৰ আন এটা উপাধি পায় ।
-> সন্ধ্যাৰ পিছৰ শাসক সকল আছিল ক্ৰমে -
-> সিংহধ্বজক (Singhadhwaj) হত্যা কৰিছিল তেঁওৰে নিজৰ মন্ত্ৰী - প্ৰতাপধ্বজে (Pratapdhwaj) ।
-> ইয়াৰ পিছত শাসনভাৰ লয় - প্ৰতাপধ্বজে (Pratapdhwaj) ।
-> প্ৰতাপধ্বজৰ (Pratapdhwaj) পিছত উত্তৰাধিকাৰী সূত্ৰে ৰজা হ'ব লাগিছিল তেঁওৰ পুত্ৰ - দুৰ্লভনাৰায়ণ (Durlabhnarayan) । কিন্তু শাসনৰ গাদীত বহে প্ৰতাপধ্বজৰ সম্পৰ্কীয় ভাতৃ- ধৰ্মনাৰায়ণ (Dharmanarayan) ।
-> গাদী দখলক লৈ ধৰ্মনাৰায়ণ (Dharmanarayan) আৰু দুৰ্লভনাৰায়ণৰ (Durlabhnarayan) মাজত কন্দলৰ (Conflict) সৃষ্টি হয় ।
-> শেষত দুৰ্লভনাৰায়ণে কমতাপুৰকে ধৰি উত্তৰ অংশ পায় আৰু ৰংপুৰক (Rangpur) আদি কৰি বাংলাদেশৰ অংশভাগ পাইছিল ধৰ্মনাৰায়ণে ।
-> ধৰ্মনাৰায়ণে 14 টা ব্ৰাহ্মণ আৰু কায়স্থ পৰিয়ালক দুৰ্লভনাৰায়ণৰ ৰাজ্যলৈ পঠায় । এই পৰিয়াল কেইটাৰ মূল ব্যক্তি আছিল - চণ্ডিৱৰ (Chandivar) । চণ্ডিৱৰ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ (Srimanta Sankardeva) উপৰিপুৰুষ । তেঁওক বৰদোৱাত (Bardowa) থকাৰ ব্যৱস্থা কৰি দিয়া হৈছিল ।
-> দুৰ্লভনাৰায়ণৰ ৰাজসভাত অসমৰ কেইজন মান বিদ্বান আছিল । সেইসকল আছিল -
-> দুৰ্লভনাৰায়নৰ পিছত তেঁওৰ পুত্ৰ ইন্দ্ৰনাৰায়ণ (Indranaryan) ৰজা হৈছিল ।
-> ইন্দ্ৰনাৰায়ণৰ দিনত বংগৰ নৱাব চিকন্দৰ শ্বাহে (Sikandar Shah) য়ে অসম আক্ৰমণ কৰে । ইন্দ্ৰনাৰায়ণৰ সেনাই ইয়াক বাধা দিব চেষ্টা কৰিছিল যদিও চিকন্দৰৰ সেনাই ইয়াক প্ৰতিহত কৰি নগাঁওৰ কপিলী নদী পৰ্যন্ত আহি পাইছিল ।
-> কিন্তু সেই সময়তে দিল্লীৰ চুলতান ফিৰোজ শ্বাহ টোগলকে (Firoz Shah Tughlaq) বংগত আক্ৰমণ কৰে । এই খবৰ পোৱা মাত্ৰকে চিকন্দৰ শ্বাহে পুনৰ বংগলৈ উভতি যায় ।
-> কিন্তু চিকন্দৰৰ আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰাত ইন্দ্ৰনাৰায়ণৰ সেনাৰ দুৰ্বল দিশটো প্ৰকাশ পায় । এই সুযোগৰ সদ্ব্যৱহাৰ কৰি ভূঞাঁ সকলে আক্ৰমণ চলায় । ভূঞাঁ সকলৰ এজন ক্ষমতাশালী ব্যক্তি আৰিমত্ত (Arimatta) ই ইন্দ্ৰনাৰায়ণক হত্যা কৰি নিজে কমতাপুৰৰ ৰাজপাট দখল কৰে ।
-> আৰিমত্তৰ পিছত অসমত এটা নতুন বংশ আহিল যিটো আছিল - খেন বংশ (Khen Dynasty)
0 Comments