Recents in Beach

Pala Dynasty history - Assamese explaination for APSC and other Assam govt exam


পাল বংশ (Pala Dynasty) : 


-> শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ (Tyagsingha) ৰ কোনো সন্তান নাছিল । সেয়ে ৰাজসভাৰ বিষয়া সকলে ত্যাগসিংহৰ দিনৰ ৰাজ্যপাল (Governor) হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্ৰহ্মপালক (Brahmapala) ৰজা হিচাপ নিযুক্ত কৰে ।

ব্ৰহ্মপাল (Brahmapala) : 

-> কামৰূপ (Kamrup)পাল বংশ (Pala Dynasty) প্ৰতিষ্ঠা কৰে ব্ৰহ্মপালে (Brahmapala) । 
-> তেঁও মহাৰাজাধিৰাজ (Maharajadhiraj) উপাধি গ্ৰহণ কৰে ।
-> ৰত্নপালৰ তাম্ৰলিপি (Epigraph of Ratnapala)ব্ৰহ্মপালৰ উল্লেখ পোৱা যায় ।

ৰত্নপাল (Ratnapala) : 

-> তেঁও হৰপ্যাক (Hadapyaka) [ পুৰণি নাম - হৰূপেশ্বৰ (Harupeswar ) ] নামৰ চহৰ খনৰ সৌন্দৰ্য্যবৰ্ধনৰ কাম কৰিছিল । এই চহৰ খনক তেঁও নতুনকৈ দুৰ্জয় (Durjaya) নাম দিয়ে ।
-> গৌড় (Gauda) ৰ শাসক ৰাজ্যপ‍াল (Rajyapala) ক হৰুৱাই ।

-> তেঁওৰ 3 টা ডাঙৰ অনুদান (Grant) আছিল -
       1. চোৰাটবাৰী অনুদান(Choratbari Grant)
       2. বৰগাঁও অনুদান (Borgaon Grant)
       3. শুৱালকুছি অনুদান (Sualkuchi Grant)

ইন্দ্ৰপাল (Indrapala) : 

-> ৰাষ্ট্ৰকূট বংশৰ (Rashtrakut Dynasty) ৰাজকন্যা ৰাজ্যদেৱী (Rajyadevi)ইন্দ্ৰপালে বিয়া কৰায় ।
-> দুটা অনুদানৰ কথা জনা যায় -
      1.গৌহাটী অনুদান ( Gauhati Grant)
      2. গুৱাকুছি অনুদান (Guakuchi Grant)

গোপাল (Gopala) : 

-> ইন্দ্ৰপাল আৰু ৰাজ্যদেৱীৰ সন্তান আছিল ।
-> তেঁওৰ এখন লিপি আছিল - গছতল লিপি (Gachtal Inscription)
-> গোপালৰ পিছৰ শাসক আছিল - হৰ্ষপাল (Harshapala)
-> হৰ্ষপালৰ পিছত শাসনভাৰ লয় - ধৰ্মপাল (Dharmapala)

ধৰ্মপাল (Dharmapala) :

-> প্ৰখ্যাত পুথি কালিকা পুৰাণ (Kalika Puran) তেঁওৰ সময়তে লিখা হৈছিল ।
-> ধৰ্মপালৰ ৰাজধানী (Capital) আছিল - কামৰূপনগৰ (Kamrupnagar) । কিছু সকল বিদ্বান (Scholar) ৰ মতে এই কামৰূপনগৰ খন আছিল উত্তৰ গুৱাহাটীৰ (North Guwahati) ফালে ।
-> ধৰ্মপালৰ পিছৰ শাসক আছিল - জয়পাল (Jayapala)

জয়পাল (Jayapala) :

-> জয়পালক বেংগলৰ ৰজা ৰামপালে (Rampala) পৰাভূত কৰে ।
-> ৰামপালে কামৰূপ ঠাই সমূহ বাদ দি কেৱল উত্তৰ বংগৰ অংশভাগহে দখল কৰে । তিংগ্যদেৱক (Tingyadeva) ইয়াৰ শাসক হিচাপে নিযুক্তি দিয়ে ।
-> জয়পালেই আছিল পাল বংশৰ শেষৰ ৰজা ।

পালবংশৰ পিছত আমি কামৰূপৰ আন এজন শাসকৰ বিষয়ে পাঁও । তেঁও আছিল বৈদ্যদেৱ (Baidyadeva)

বৈদ্যদেৱ (Baidyadeva) :

-> তেঁও আছিল গৌড়ৰ (Gauda) শাসক তিংগ্যদেৱৰ (Tingyadeva) ৰ পৰৱৰ্তী শাসক ।
-> বৈদ্যদেৱ আছিল প্ৰথম গৌড়ৰ শাসক যিয়ে কামৰূপ অধিগ্ৰহণ কৰিব সক্ষম হৈছিল । 

Post a Comment

0 Comments