Recents in Beach

Parts of speech - English grammar explained in Assamese


 Parts of speech :

বাক্যত ব্যৱহাৰ হোৱা ধৰণৰ ওপৰত ভিত্তি কৰি শব্দবোৰক কিছুমান ভাগত ভগোৱা হৈছে । সেই একো একোটা ভাগকে ইংৰাজীত Parts of speech বুলি কয় । 
( According to their use in sentence , words are divided into different classes are called Parts of speech )

মুঠ  8 প্ৰকাৰৰ Parts of speech আছে । 

1. Noun : 

নাম বুজোৱা শব্দবোৰেই হৈছে Noun
       eg: The Sky is blue . 

 - ইয়াত ব্যৱহূত Sky আৰু Blue দুয়োটাই নাম বুজাইছে । সেয়ে সিহঁত Noun . 

2. Pronoun : 

যিবো শব্দই নাম বুজোৱা শব্দবোৰক অৰ্থাৎ Noun সমূহক বিশেষভাৱে বুজাই সেয়াই Pronoun
       eg: Her pen is black .

 - ইয়াত Her টোৱে কোনোবা এজনী বিশেষ ছোৱালীক বুজাইছে যাৰ নিৰ্দিষ্ট নাম আছে । অৰ্থাৎ এটা Noun ক ই নিৰ্দিষ্টকৈ বুজাইছে । সেয়ে Her শব্দটো Pronoun.

3. Verb :

 যিবোৰ শব্দই বাক্যত Subject অৰ্থাৎ কৰ্তাই কি কাম কৰিছে বা Subject টো অতীত/বৰ্তমান/ভৱিষ্যত কি অৱস্থাত আছে তাৰ উমান দিয়ে তাক verb বোলে । 
       eg. 1. He is Ram. 

                  - এই বাক্যটোত Is এটা Verb . বাক্যটোৰ অৰ্থমতে তেঁও ৰাম হয় । ইয়াত কোনো কাৰ্য হোৱা নাই । কেৱল সি ৰাম হয় এইটো এটা বৰ্তমান কালৰ বাক্য ,তাকে বুজোৱা হৈছে । কাৰণ তাৰ নাম কালিও ৰাম আছিল , আজিও আছে , ভৱিষ্যতেও থাকিব ।

              2. Ram is playing now. 

   -ইয়াত is আৰু Play দুটা Verb. আকৌ is playing য়ে বৰ্তমান অৱস্থাত খেলি থকা কামটো হৈ আছে বুজাইছে । 

4. Adjective : 

Noun ৰ বিশেষত্ব বুজাবলৈ যি শব্দ ব্যৱহাৰ কৰা হয় সেয়াই Adjective 
      eg: Bina is a tall girl .

ইয়াত tall টো এটা adjective . কাৰণ ই Bina যে ওখ তাক বুজাইছে । অৰ্থাৎ Bina ৰ বিশেষত্ব কি আছে তাকে বুজাইছে ।

5. Adverb : 

কাম এটা কিদৰে সম্পন্ন হৈছে সেয়া বুজাবলৈ যি শব্দ ব্যৱহাৰ কৰা হয় সেয়াই Adverb
     eg: He completed the work quickly.

- ইয়াত সি কামটো খৰকৈ কৰা বুজাবলৈ quickly শব্দটো ব্যৱহাৰ কৰা হৈছে । এইটো সেয়ে adverb হ'ব । ইয়াৰ Noun ৰ লগত সম্পৰ্ক নাই , কেৱল "complete" verb টোকহে বিশেষভাবে বুজাইছে ।

6. Preposition : 

কোনো এটা বাক্যত থকা Noun বা Pronoun ক বাক্যটোৰ আন শব্দ বোৰৰ লগত সংযোগ কৰিবলৈ যি শব্দ ব্যৱহাৰ কৰা হয় সেয়াই Preposition. 
              ইয়াৰ লগতে preposition য়ে বাক্য এটাত কোনো এটা Noun বা Pronun সাপেক্ষে আন এটা Noun বা  Pronoun ৰ অৱস্থিতি (Position) নিৰুপণ কৰে ।
     eg: The pen is on the table. 

              - ইয়াত প্ৰথম noun  হ'ল Pen . এই Pen শব্দটো বাক্যটোৰ বাকী অংশৰ লগত সংযোগ কৰিবলৈ On নামৰ preposition টো ব্যৱহাৰ কৰা হৈছে । আকৌ On য়ে Pen টো যে Table খনৰ ওপৰত আছে তাকো প্ৰকাশ কৰিছে । অৰ্থাৎ Table খন সাপক্ষে Pen টোৰ position প্ৰকাশ কৰে । 

6. Conjunction : 

বাক্যত ব্যৱহাৰ হোৱা যি বোৰ শব্দই আন শব্দ (Word) , বাক্য (Sentence) , বাক্যাংশ (Phrase) আদি সংযোগ কৰে সেয়াই Conjunction 
      eg : Rita and Gita are sisters.

        - ইয়াত and হ'ল preposition . কাৰণ ই Rita আৰু Gita নামৰ Noun দুটা সংযোগ কৰিছে । 

7. Interjection :

হঠাৎ হোৱা ঘটনা এটাৰ বিষয়ে মনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বাক্যত যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় , সেইবোৰেই হ'ল Interjection . 
     eg: Hurrah ! We have won the match.

       - ইয়াত Hurrah শব্দটোৱে খেল জিকাৰ পিছত মনৰ আনন্দ প্ৰকাশ কৰিছে । সেয়ে Hurrah টো হ'ব Interjection .


Post a Comment

0 Comments