বৰ্মন বংশ (Varman Dynasty) :
-> সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্থিৰ (Allahabad inscription of Samudragupta) পৰা আমি প্ৰাচীন কামৰূপত বৰ্মন বংশৰ অৱস্থিতিৰ কথা উমান পাঁও ।ইয়াৰ পৰা সেই সময়ত যে ডবকা ৰাজ্য (Dabaka Kingdom) যে কামৰূপ ৰাজ্যৰ পৰা পৃথক আছিল তাৰ উমান পোৱা যায় ।
-> নৰকাসুৰৰ (Narakasura) শাসনৰ 3000 বছৰ পিছত কামৰূপত এক নতুন বংশৰ শাসন আৰম্ভ হৈছিল যি আছিল - বৰ্মণ বংশ (Varman Dynasty) ।
পুষ্যবৰ্মণ (Pushya Varman) :
-> মহাৰাজধিৰাজ (Maharajdhiraja) উপাধি গ্ৰহণ কৰে ।-> তেঁওক সমূদ্ৰগুপ্তৰ সমসাময়িক (Contemporary of Samudragupta) বুলি জনা যায় ।
-> পুষ্যবৰ্মণৰ পিছত তেঁওৰ পুত্ৰ সমূদ্ৰবৰ্মণ (Samudra Varman) ৰজা হয় ।
-> সমূদ্ৰবৰ্মণৰ (Samudra Varman) পিছত ৰজা হয় বলবৰ্মণ (Balavarman) ।
বলবৰ্মণ (Balavarman) :
-> তেঁওৰ দিনত কামৰূপৰ সৈতে কাশ্মীৰৰ (Kashmir) সম্পৰ্ক স্থাপন হৈছিল ।-> বলবৰ্মণৰ এগৰাকী জীয়াৰী অমৃতপ্ৰভাক (Amritprabha) বিয়া কৰাইছিল সেই সময়ৰ কাশ্মীৰৰ ৰজা মেঘবাহনে (Meghavahana) ।
-> অমৃতপ্ৰভাই কাশ্মীৰত বিদেশী সন্যাসী (monk) সকলৰ বাবে এটা ভৱন নিৰ্মাণ কৰাই । ইয়াক অমৃতভৱন (Amritbhavan) বুলি জনা যায় ।
-> ইয়াৰ পিছত শাসন ভাৰ লয় - কল্যাণবৰ্মণ (Kalyanvarmana)
কল্যাণবৰ্মণ (Kalyanvarmana) :
-> তেঁওৰ শাসন কালতে ডবকা ৰাজ্য (Dabaka kingdom) কামৰূপৰ অধীনত যায় । ডবকা ৰাজ্য আছিল কপিলী নদী (Kapili River) ৰ ওচৰত ।-> তেঁও চীন দেশলৈ এক কূটনৈতিক অভিযান (Diplomatic Mission) প্ৰেৰণ কৰিছিল ।
-> কল্যাণবৰ্মণৰ পৰৱৰ্ত্তী শাসক সকল আছিল -
1. গণপতি বৰ্মণ (Ganapati Varmana)
2. মহেন্দ্ৰ বৰ্মণ (Mahendra Varmana)
মহেন্দ্ৰ বৰ্মণ (Mahendra Varmana) :
কুমাৰগুপ্তৰ (Kumaragupta) সময়ত বংগ আৰু পৌন্ধ্ৰবৰ্ধন (Paundhravardhan) গুপ্ত সাম্ৰাজ্যৰ অধীনত আছিল । কিন্তু কুমাৰগুপ্তৰ মৃত্যুৰ লগে লগে গুপ্ত বংশৰ শক্তি হ্ৰাস পাব লয় । এই সুযোগতে মহেন্দ্ৰ বৰ্মনে পৌন্ধ্ৰবৰ্ধনক কামৰূপৰ অন্তৰ্ভুক্ত কৰে ।-> মহেন্দ্ৰ বৰ্মন হ'ল কামৰূপত অশ্বমেধ যজ্ঞ (Ashwamedha Yagya) কৰা প্ৰথম ৰজা ।
-> মহেন্দ্ৰ বৰ্মনৰ পিছৰ ৰজা আছিল ভূতি বৰ্মন (Bhuti Varman)
ভূতি বৰ্মন (Bhuti Varman) :
-> 200 ব্ৰাহ্মণ পৰিয়ালক ভূমি দান কৰিছিল ।-> ভূতি বৰ্মনৰ পিছৰ ৰজা আছিল -
1. চন্দ্ৰমুখ বৰ্মন (Chandramukh Varman)
2. স্থিতা বৰ্মন (Sthita Varman)
3. সুস্থিত বৰ্মন (Susthita Varman)
সুস্থিত বৰ্মন (Susthita Varman):
-> মৃগাংক (Mriganka) বুলি পৰিচিত আছিল ।-> গুপ্ত বংশৰ ৰজা মহাসেনগুপ্তই (Mahasenagupta) তেঁওৰ বিৰুদ্ধে অভিযান (expedition) চলায় ।
-> কামৰূপে পৌন্ধ্ৰবৰ্ধন (Paundhravardhana) ঠাইখন নিজৰ দখলৰ পৰা হেৰুৱায় ।
-> তেঁওৰ দুজন পুত্ৰ আছিল -
1. সুপ্ৰতিস্থিত বৰ্মন (Supratisthita Varman)
2. ভাস্কৰ বৰ্মন (Bhaskar Varman)
ভাস্কৰ বৰ্মন (Bhaskar Barman) [594AD- 650AD]
-> ভাস্কৰ বৰ্মনৰ সময়ত ভাৰতৰ অন্য প্ৰান্তৰ কেইটামান বংশ হ'ল -থানেশ্বৰ (Thaneswar) - পুষ্যভূতি বংশ (Pushyabhuti Dynasty)
গৌড়ৰ (Gauda) ৰ শাসক - শশাংক (Sasanka) মালৱাৰ (Malwa ) শাসক - দেৱগুপ্ত (Devagupta)
কনৌজ (Kannauj) - মৌখাৰি বংশ (Maukhari Dynasty)
-> থানেশ্বৰত সেইসময়ত পুষ্যভূতি বংশৰ (Pushyabhuti Dynasty) ৰ ৰজা আছিল - প্ৰভাকৰবৰ্ধন (Prabhakarvardhan) ।
-> প্ৰভাকৰবৰ্ধনৰ 3 সন্তান আছিল -
1. ৰাজ্যবৰ্ধন ( Rajyavardhan)
2. হৰ্ষবৰ্ধন (Harshavardhan)
3. ৰাজ্যশ্ৰী (Rajyashri)
-> ৰাজ্যশ্ৰীৰ বিয়া হৈছিল মুখাৰীৰ ৰজা গৃহ বৰ্মনৰ (Grihavarmana) সৈতে । এই গৃহ বৰ্মনক হত্যা কৰে মালৱাৰ (Malwa) শাসক দেৱগুপ্তই (Devagupta) । সেই সময়তে থানেশ্বৰৰ (Thaneswar) ৰাজপাট প্ৰভাকৰ বৰ্মনৰ হাতৰ পৰা ৰাজ্যবৰ্ধনৰ হাতলৈ যায় ।
-> যেতিয়া ৰাজ্যবৰ্ধনে (Rajyavardhana) নিজ ভগ্নী ৰাজ্যশ্ৰীৰ (Rajyashri) স্বামীৰ হত্যাকাৰী মালৱাৰ দেৱগুপ্ত বুলি গম পায় , দেৱগুপ্তৰ বিৰূদ্ধে ৰাজ্যবৰ্ধনে অভিযান (Expedition) চলায় । ৰাজ্যবৰ্ধনে দেৱগুপ্তক হত্যা কৰে ।
-> ইফালে গৌড়ৰ (Gauda) শাসক শশাংক (Sasanka) আৰু মালৱাৰ (Malwa) শাসক দেৱগুপ্ত (Devagupta) আছিল বন্ধু । দেৱগুপ্তক ৰাজ্যবৰ্ধনে হত্যা কৰি নিজ ৰাজ্যলৈ উভতাৰ পথত শশাংকই ৰাজ্যবৰ্ধনক হত্যা কৰে ।
-> ৰাজ্যবৰ্ধনৰ মৃত্যুৰ পিছত ৰাজপাটত উঠে তেঁওৰ ভাতৃ (brother) - হৰ্ষবৰ্ধন (Harshavardhana) । শাসনভাৰ লৈ হৰ্ষবৰ্ধনে ককায়েকৰ হত্যাকাৰী শশাংকৰ ওপৰত প্ৰতিশোধ লোৱাৰ সুযোগ বিচাৰি ৰয় ।
-> ইফালে ভাস্কৰ বৰ্মনেও শশাংকক হৰুৱাই তেঁওৰ অধীনত থকা পৌন্ধ্ৰবৰ্ধন (Paundhravardhana) ঠাইখন নিজৰ অধীনত অনাৰ চেষ্টা কৰি আছিল ।
-> ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ এজন প্ৰধান শত্ৰু হয় - শশাংক ।
-> মিত্ৰতাৰ প্ৰস্তাৱ প্ৰেৰণৰ বাবে ভাস্কৰ বৰ্মনে হংসবেগক (Hangsabega) হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠায় । সময়ত দুয়োৰে মাজত মিত্ৰতা হয় ।
-> হৰ্ষবৰ্ধনৰ মাকৰ ভায়েকৰ পুত্ৰ তথা হৰ্ষবৰ্ধনৰ মুখ্য সম্পাদক (Chief Secretary) আছিল - ভান্দী (Bhandi) । ভান্দীয়ে পশ্চিমৰ (west) পৰা আৰু ভাস্কৰ বৰ্মনে পূৱৰ (East) পৰা শশাংকৰ ওপৰত আক্ৰমণ কৰে । এই আক্ৰমণৰ মুখামুখীৰ সাহস কৰিব নোৱাৰি শশাংক পলাই যায় ।
-> ইয়াৰ পিছৰে পৰা গৌড়কে (Gauda) ধৰি ৰাজধানী কৰ্ণসুৱৰ্ণ (Karnasuvarna) ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ অন্তৰ্ভুক্ত হয় ।
-> ভূতি বৰ্মনৰ পিছত সুস্থিত বৰ্মনৰ (Susthitavarman) দিনত কামৰূপে পৌন্ধ্ৰবৰ্ধন ঠাইখন নিজৰ হাতৰ পৰা হেৰুৱাইছিল । পৌন্ধ্ৰবৰ্ধন পুনৰ দখল কৰি ভাস্কৰ বৰ্মনে ইতিপূৰ্বে ভূতি বৰ্মনে সেই এলেকাত ব্ৰাহ্মণসকলক কৰি যোৱা
ভূমিদান পুনৰ নিশ্চিত কৰে । ইয়াক ঐতিহাসিক নিধানপুৰ দান (Nidhanpur Grant) বুলি জনা যায় ।
-> ভাস্কৰ বৰ্মনৰ সময়তে তেঁও খবৰ পালে যে হিউৱেন চাং (Hiuen Tsang) নালান্দা বিশ্ববিদ্যালয় (Nalanda university ) লৈ আহি আছে । সেয়ে ভাস্কৰ বৰ্মনে নালান্দা বিশ্ববিদ্যালয় অধ্যক্ষ শিলাভদ্ৰলৈ (Silabhadra) এখন ভাবুকি সূচক পত্ৰ প্ৰেৰণ কৰি হিউৱেন চাঙক যিকোনো প্ৰকাৰে কামৰূপলৈ পঠাব নিৰ্দেশ দিয়ে ।
-> হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ অনুৰোধ ৰক্ষা কৰি কামৰূপলৈ আহে । ভাস্কৰ বৰ্মনে কনৌজত (Kannauj) এখন সভা আয়োজন কৰিছিল , য'ত হিউৱেন চাঙো উপস্থিত আছিল ।
-> চীনলৈ ওভতাৰ সময়ত ভাস্কৰ বৰ্মনে হিউৱেন চাঙক এটা ছালৰ টুপী (Cap of Skin) উপহাৰ দিছিল , যিয়ে তেঁওক শীত (Cold) আৰু বৰষুণৰ পৰা সুৰক্ষা দিব ।
হিউৱেন চাঙৰ দ্বাৰা ৰচিত 'চি-য়ু-কী'ত অসমৰ বিষয়ে কি আছে ?
-> কামৰূপ ৰাজ্যখন 1700 মাইল জুৰি বিস্তৃত ।-> মাটি দ হ'লেও সাৰুৱা আৰু নিয়মীয়াভাৱে খেত কৰা হয় ।
-> লোক সকল সহজ-সৰল আৰু সৎ ।
-> কঠাল (Jack Fruit) আৰু নাৰিকলৰ (Coconut) খেতি কৰা হয় ।
-> বতৰ মৃদু (soft) আৰু উষ্ণ (temperate) -> বৌদ্ধ ধৰ্মৰ প্ৰভাব নাই , লোকসকলে বলিবিধানত (sacrifice) বিশ্বাসী ।
-> যথেষ্ট দেৱ - দেৱীৰ মন্দিৰ (Temple) আছিল ।
ভাস্কৰ বৰ্মনৰ সাম্ৰাজ্যৰ পৰিসীমা :
যোগীনী তন্ত্ৰত (Yogini Tantra) উল্লেখ থকা মতে তেঁওৰ ৰাজ্য জলপাইগুৰিৰ (Jalpaiguri) পৰা শদিয়া (Sadiya) লৈ বিস্তৃত আছিল । তেঁও বংগ (Bengal) আৰু বিহাৰৰ (Bihar) কিছু অংশ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে ।-> তেঁওৰ ৰাজ্য চীন (China) আৰু বাৰ্মাৰ (Burma) সীমালৈ বিস্তৃত আছিল ।
0 Comments