চুক্লেংমুং (Suklengmung) : (1539 - 1553)
-> বকতাৰ (Bakata) পৰা গড়গাঁওলৈ (Garhgaon) ৰাজধানী স্থানান্তৰ কৰা বাবে চুক্লেংমুঙক গড়গঞাঁ ৰজা (Gorhgayan Raja) বুলি জনা যায় ।
-> চুক্লেংমুঙৰ সময়ত নিৰ্মিত দুটা প্ৰধান চিহ্ন হ'ল -
1.
গড়গাঁও পুখুৰী (Garhgaon Pond)
2.
নাগা আলি (Naga Ali)চুখামফা (Sukhampha) : (1553 - 1603)
-> তেঁওক খোৰা ৰজা (Khora Raja) বুলি জনা যায় ।
-> তেঁওৰ শাসন কালত আহোম আৰু কোঁচৰ মাজত হোৱা দিখৌৰ যুদ্ধ (Battle of Dikhou) আৰু হাণ্ডিয়াৰ যুদ্ধত (Battle of Handia) আহোম সকল পৰাস্ত হৈছিল ।
সেই সময়ত কোঁচ সকলৰ ৰজা আছিল -
নৰনাৰায়ণ (Naranarayan) আৰু সেনাপতি আছিল -
চিলাৰায় (Chilarai) .
চুচেংফা (Susengpha) : (1603 - 1641)
-> চুচেংফাৰ আন দুটা নাম হ'ল প্ৰতাপ সিংহ (Pratap Singha) আৰু বুঢ়া ৰজা (Burha Raja) .
-> তেঁওৰ শাসন ব্যৱস্থাত থকা বিচক্ষণতাৰ বাবে বুদ্ধি স্বৰ্গনাৰায়ণ (Buddhi Swarganarayan) উপাধিও তেঁওক প্ৰদান কৰা হৈছিল ।
-> সেই সময়ত আহোম সকলৰ লগত কছাৰীসকলৰ এক সংঘাত হয় । এই সংঘাতত প্ৰথমে আহোমে কছাৰী সকলক পৰাস্ত কৰে যদিও শেষত কছাৰী ৰজা যশনাৰায়ণৰ (Jasa Narayan) নেতৃত্বত কছাৰীসকলে আহোমক পৰাস্ত কৰে ।
আহোমক পৰাস্ত কৰা আনন্দতে যশনাৰায়ণে নিজৰ নাম সলনি কৰি প্ৰতাপ নাৰায়ণ (Pratap Narayan) কৰে আৰু সেই সময়ৰ কছাৰী ৰাজধানী মাইবং (Maibong) ৰ নাম সলনি কৰি কীৰ্ত্তিপুৰ (Kirtipur) কৰে ।
-> প্ৰতাপ সিংহৰ দিনত দুটা নতুন পদবী অন্তৰ্ভুক্ত কৰা হয় -
1.
বৰবৰুৱা (Barbaruah) - এই পদবীধাৰী প্ৰথম ব্যক্তি হ'ল
মোমাই তামুলী (Momai Tamuli)
2. বৰফুকন (Barphukan) - এই পদবীধাৰী প্ৰথম ব্যক্তি হ'ল লাঙী পানীসিয়া (Langi Panisia)
-> মোমাই তামুলী (Momai Tamuli) বৰবৰুৱাই প্ৰথম 1609 ত পাইক প্ৰথা (Pyke System) প্ৰচলন কৰে ।
পাইক প্ৰথা :
কোনো
এজন 15 বছৰৰ পৰা 50 বছৰ বয়সৰ ল'ৰা বা পুৰুষক পাইক বুলি ধৰা হ'ব যদি তেঁও তলত উল্লেখ কৰা কেইটাৰ এটাও নহয় -
a.
ৰাজসভাৰ কোনো বিষয়া ।
b.
পুৰোহিত (Priest)
c.
উচ্চ বৰ্ণৰ লোক (High caste people)
d.
দাস (Slave)
ওপৰত উল্লেখ কৰা কেইটাৰ যি কোনো এটা থাকিলেও এজন ল'ৰা বা পুৰুষক পাইক (Pyke) বুলি ধৰা ন'হব ।
-> পাইক (Pyke) সকলে আহোম ৰাজ্যৰ বাবে সেৱা আগবঢ়াব লাগিব আৰু ইয়াৰ বিনিময়ত তেঁওলোকক 2 পুৰাকৈ মাটি দান দিয়া হ'ব যাক সাধাৰণতে কোৱা হৈছিল - গা মাটি (Gaa Mati) . কিন্তু পাইক সকলে লাভ কৰা মাটি তেঁওলোকৰ উত্তৰাধিকাৰীয়ে নাপাইছিল ।
ইয়াৰ লগতে পাইক সকলে ৰাস্তাঘাট নিৰ্মাণ (Civil Construction) , সেনা বাহিনীৰ অস্ত্ৰ নিৰ্মাণ (Military construction) আদি কাম কৰিব লাগিছিল ।
4 জন পাইকৰ দল এটাক
গোট (Got) বুলি কয় ।
এই 4 জনীয়া পাইকৰ এটা গোটৰ চাৰিওজন পাইকে বছৰত 3 মাহকৈ কাম কৰিব লাগিছিল । কোনো জৰুৰী পৰিস্থিতত 2-3 জন পাইকেও কাম কৰিব লগা হৈছিল ।
পাইক সমূহক বিভিন্ন খেলত (Khel) ভাগ কৰা হৈছিল । যেনে - নাঁও নিৰ্মাণ কৰা লোক সকলৰ এটা খেল , ধনুকাড় বনোৱা লোক সকলৰ আন এটা খেল ইত্যাদি ।
এজন বৰাৰ (Borah) তলত আছিল - 20 জন পাইক
এজন
শইকীয়াৰ (Saikia) তলত আছিল - 100 জন পাইক
এজন
হাজৰিকাৰ (Hazarika) তলত আছিল - 1000 জন পাইক
এজন
ফুকনৰ (Phukan) তলত আছিল - 6000 জন পাইক
পাইক প্ৰথাৰ আসোঁৱাহ (Disadvantage of Pyke system) :
একোটা খেলৰ (Khel) অন্তৰ্গত লোক সকলে কেৱল বছৰত এটা কামেই কৰাৰ অনুমতি পাইছিল । যেনে - নাঁও নিৰ্মাণ কৰা পাইক জনে কেৱল নাৱেই নিৰ্মাণ কৰিব পাৰে , তেঁও অন্য কোনো ব্যৱসায় কৰিব নোৱাৰে ।
আকৌ অকমান ধনী শ্ৰেণীৰ লোকে বছৰত 3 টকা পৰিশোধ কৰি নিজৰ কৰ্মৰ পৰা অব্যাহতি ল'ব পাৰিছিল । ই দুখীয়া শ্ৰেণীটোৰ মনত কষ্ট দিছিল ।
পিছলৈ এই দুখীয়া শ্ৰেণীৰ লোক সকলৰ বহু পুৰুষ আৰু ল'ৰাই পিছত পাইক প্ৰথাৰ পৰা মুক্ত হ'বলৈ মোৱামৰীয়া সত্ৰত গৈ শৰণ লয় ।
আহোম - মোগলৰ প্ৰথম সংঘাত (Ahom-Mughal Conflict) :
আহোম-মোগলৰ সংঘাতৰ মূলতে আছিল কোঁচ ৰাজ্য (Koch Kingdom) । ইয়াৰ কাৰণটো এনে ধৰণৰ -
কোঁচ ৰজা নৰনাৰায়ণৰ (Naranarayan) মৃত্যুৰ পিছত কোঁচ ৰাজ্য দুই ভাগ হৈছিল -
1. পশ্চিম দিশত কোঁচ বিহাৰ (Koch Bihar) : ইয়াৰ ৰজা আছিল লক্ষ্মীনাৰায়ণ (Laxmi Nsrayan)
2. পূৱ দিশত কোঁচ হাজো (Koch Hajo) :
ইয়াৰ ৰজা আছিল
ৰঘুদেৱ (Raghudev) ৰঘুদেৱৰ পিছত কোঁচ হাজোৰ ৰজা হয় - পৰিক্ষীত নাৰায়ণ (Parikshit Narayan) । সেই সময়তে কোঁচ বিহাৰৰ শাসক লক্ষ্মীনাৰায়ণে মোগলৰ সহায় লৈ পৰিক্ষীত নাৰায়ণক পৰাস্ত কৰে । ইয়াৰ লগে লগে কোঁচ হাজো (Koch Hajo) ৰ অংশটো মোগলৰ পৰোক্ষ নিয়ন্ত্ৰণত আহে ।
-> পৰিক্ষীত নাৰায়ণক দিল্লীলৈ পঠাই দিয়া হয় যদিও তেঁওৰ ভাতৃ বলি নাৰায়ণ (Bali Narayan) আহোমৰ শৰণাপন্ন হয় ।
-> কোঁচ ৰাজ্য আহোম সাম্ৰাজ্যৰ সীমাত আছিল । সেয়ে লাহে লাহে কোঁচ ৰাজ্যৰ নতুন শাসক মোগল আৰু আহোম সকলৰ মাজত সীমা ভিত্তিক বিবাদ হয় ।
-> 1639 চনত আহোম আৰু মোগলৰ মাজত এক সন্ধি হয় যাক কোৱা হয় - অসুৰৰ আলি সন্ধি (Treaty of Asurar Ali) . অসুৰৰ আলি সন্ধিৰ যোগেদি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰনদী আৰু দক্ষিণ পাৰে অসুৰৰ আলি হ'ব আহোম আৰু মোগলৰ সীমা । এই অসুৰৰ আলিটোৱে হ'ল বৰ্ত্তমান গুৱাহাটীৰ ৰাজগড়ৰ ৰাস্তাটো (Rajgarh Road).
0 Comments