চুকাফা : (Sukapha)
-> আহোম সকল আছিল দক্ষিণ - পূৱ এছিয়াৰ টাই বংশৰ (Tai family of South-East Asia) লোক ।
-> ভাতৃৰ লগত হোৱা সংঘাটৰ বাবে চুকাফাই (Sukapha) 1215 AD ত তেঁওৰ গৃহ চহৰ মোংমাও (Mong Mao) ৰ পৰা যাত্ৰা কৰে ।
-> 2 ডিচেম্বৰ ,1228 AD ত তেঁও ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামৰূপত উপস্থিত হয় । সেয়ে 2 ডিচেম্বৰৰ দিনটো অসম দিৱস হিচাপে পালন কৰা হয় ।
-> 1253 ত প্ৰথম চৰাইদেউত ৰাজধানী স্থাপন কৰে ।
-> চুকাফাই দুজন পাত্ৰ মন্ত্ৰী নিয়োগ কৰিছিল -
1. বুঢ়াগোহাঁই (Burhagohain)
2. বৰগোহাঁই (Borgohain)
-> চুকাফাই তেঁওৰ দিনৰ পৰা হৈ থকা ঘটনাৰাজিৰ বিষয়ে লিখিত বিৱৰণ ৰখাৰ ব্যৱস্থা কৰে । গতিকে
তেঁওৰ সময়ৰ পৰাই অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হয় ।
-> চুকাফাই আন আন জনজাতি সমূহৰ সৈতে মিত্ৰতা কৰিছিল আৰু তেঁওলোকৰ শক্তিখিনিক নিজৰ ভালৰ বাবে ব্যৱহাৰ কৰিছিল ।
-> চুকাফাৰ পিছত 1268 ত তেঁওৰ পুত্ৰ চুতেওফা (Suteupha) ৰজা হয় ।
-> চুতেওফাৰ পিছত ৰজা সমূহ আছিল -
চুবিনফা (Subinpha)
চুখাংফা (Sukhanpha)
চুখৰাংফা (Sukhrangpha)
চুতুফা (Sutupha)
ত্যাওখামথি (Tyao khamthi)
-> ত্যাওখামথিৰ পিছত ৰজা হয় - চুদাংফা (Sudangpha)
চুদাংফা (Sudangpha) :
-> তেঁওক বামুণী কোঁৱৰ (Bamuni Konwar) বুলি জনা যায় ।
-> চুদাংফাৰ শাসনকালতে আহোমৰ ওপৰত ব্ৰাহ্মণৰ প্ৰভাৱ পৰিব লয় । এয়াই আহোম সাম্ৰাজ্যত হিন্দুত্ববাদৰ প্ৰথম প্ৰৱেশ ।
-> ইয়াৰ সমান্তৰালভাৱে আহোম সাম্ৰাজ্যত বিষ্ণু পূজা আৰম্ভ হয় । তাৰ আগলৈ আহোম সকলে তেঁওলোকৰ উপাষ্য দেৱতা চোম চেং (Chom-Cheng) বা চোমদেও (Chomdeo) ক আৰাধনা কৰিছিল ।
-> চুদাংফাই দিহিং নদীৰ (Dihing River) কাষৰীয়া চাৰাগুৱালৈ (Charagua) ৰাজধানী স্থানান্তৰ কৰিছিল ।
-> চুদাংফাৰ কালৰ পৰাই ৰাজঅভিষেক সমাৰোহ (Coronation Ceremony) প্ৰক্ৰিয়া আৰম্ভ হয় । ইয়াক শিংগাৰী ঘৰ উঠা (Shingari Ghar Utha) বুলি কোৱা হয় ।
-> চুদাংফাৰ পিছত আৰু পাঁচজন ৰজা আহে । তেঁওলোক আছিল -
চুজাংফা (Sujangpha)
চুফাকফা (Suphakpha)
চুচেনফা (Susenpha)
চুহেনফা (Suhenpha)
চুপিমফা (Supimpha)
-> চুপিনফাৰ পিছত শাসনভাৰ লৈছিল চুহুংমুঙে (Suhungmung)
চুহুংমুঙ (Suhungmung):
-> চুহুংমুঙে নিজৰ ৰাজধানী দিহিং নদীৰ পাৰৰ বকতা (Bokota) নামৰ ঠাইখনলৈ স্থানান্তৰ কৰা বাবে তেঁওক দিহিঙীয়া ৰজা (Dihingia Roja) বুলি জনা যায় ।
-> চুহুংমুঙেই প্ৰথম স্বৰ্গনাৰায়ণ (Swarganarayan) নামৰ হিন্দু উপাধি গ্ৰহণ কৰে ।
-> চুহুংমুঙে শকাব্দৰ (Saka Era) প্ৰচলন কৰিছিল । শকাব্দৰ প্ৰথম প্ৰচলন 78 AD ত হৈছিল ।
-> চুহুংমুঙৰ শাসনকালতে প্ৰথম অসমীয়া বুৰঞ্জী ৰচনা কৰা হৈছিল । প্ৰথম বুৰঞ্জীখন আছিল ' শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা ' ।
-> 1553 ত চুহুংমুঙৰ সময়তে চুতীয়া ৰাজ্যক (Chutiya Kingdom) আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয় । চুতীয়া সকলৰ অন্তিম শাসক নীতিপাল আহোমৰ সৈতে পৰাস্ত হয় ।
-> চুতীয়া আৰু আহোমৰ যুঁজত নীতিপালৰ (Nitipala) মৃত্যু হোৱাত তেঁওৰ পত্নী সতী সাধিনীয়ে (Sati Sadhini) আহোমৰ ওচৰত আত্মসমৰ্পণ নকৰি আত্মহত্যা কৰে ।
-> চুতীয়া ৰাজ্য আহোমৰ অধীনলৈ যোৱাৰ পিছত এই অঞ্চলৰ চোৱা চিতাৰ বাবে চুহুংমুঙে এটা পদবীৰ ব্যৱস্থা কৰে । এই পদবীটোৰ নাম আছিল - শদিয়াখোৱা গোহাঁই (Sadiyakhowa Gohain) । এই পদত থকা প্ৰথম ব্যক্তি আছিল ফ্ৰাচেন মুং (Phr-Sen-Mong) ।
-> 1531 ৰ আগতে চুহুংমুঙে ধনশিৰি নদী (Dhanshiri River) লৈকে কছাৰী ৰাজ্যৰ (Kachari Kingdom) অন্তৰ্ভুক্ত অঞ্চল সমূহ আহোমৰ দখলত আনে । কিন্তু কছাৰী সকলৰ দখলত থকা আন আন অংশত তেঁওলোকৰ স্বায়ত্ব শাসন (Autonomy) চলিছিল ।
-> 1636 ত কছাৰী সকলে আকৌ বিদ্ৰোহ কৰে । এইবাৰ কছাৰীৰ ৰজা দেতচাঙক (Detchung) আহোম সকলে হত্যা কৰে । এইবাৰ আহোম সকলে কছাৰী সকলৰ দখলত থকা অঞ্চল সমূহ কপিলী নদী (Kapili River) পৰ্যন্ত দখল কৰি লয় ।
-> কছাৰী সকলৰ অধীনত থকা অঞ্চল সমূহ আহোমে দখল কৰি , এই নতুন অঞ্চল সমূহৰ চোৱা-চিতাৰ বাবে এটা পদৱীৰ সৃষ্টি কৰে , যিটো আছিল - মৰঙীখোৱা গোহাঁই (Morongikhoa Gohain)
-> 1504 ত চুহুংমুঙে এটা নতুন পদবী সৃষ্টি কৰে , যিটো আছিল- বৰপাত্ৰ-গোহাঁই (Borpatra Gohain) ।
-> 1532 ত তুৰ্বক খানে (Turbak Khan) অসম আক্ৰমণ কৰে । এই সংঘাত 3 বছৰ ধৰি চলে । শেষত আহোমে মোগলক পৰাস্ত কৰে ।
তুৰ্বক খানৰ সৈতে যু্দ্ধত ফ্ৰাচেং মুঙৰ (Fra-Sen-Mong) পত্নী মূলাগাভৰুৱে (Mulagabharu) এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । এই যুদ্ধতে ফ্ৰাচেং মুং আৰু পত্নী মূলাগাভৰুৰ মৃত্যু হয় । মূলাগাভৰুৰ মৃত্যুত আহোম সৈন্যই তুৰ্বক খানৰ সেনাৰ লগত যুজিবলৈ এক নতুন উদ্যম পায় । শেষত তুৰ্বক বাহিনীক গৌড়ৰ ওচৰৰ কৰতোয়া (Karatoya) নদীলৈকে খেদি পঠিয়াব সক্ষম হয় ।
-> চুহুংমুঙৰ পিছত তেঁওৰ ডাঙৰ পুত্ৰ চুক্লেংমুং (Suklengmung) শাসনৰ গাদীত বহে ।
0 Comments