Recents in Beach

Ahom Kingdom - Suramphaa , Sutyinpha, Jayadhwaj Singha


        ইয়াৰ আগৰ Part টো পঢ়িবলৈ - CLICK HERE

চুৰামফা (Surampha) : (1541- 1544)

-> 1641প্ৰতাপ সিংহৰ (Pratap Singha) মৃত্যুৰ পিছত শাসনভাৰ লয় ।

-> তেঁওৰ আন এটা নাম আছিল জয়াদিত্য সিংহ (Jayaditya Singha) .

-> এবাৰ তেঁও ৰণথলীৰ পৰা পলায়ণ কৰা বাবে তেঁওক ভগা ৰজা (Bhoga Raja) বুলিও জনা যায় ।

চুত্যিনফা (Sutyinpha): (1644 - 1648)

-> চ্যুতিনফাৰ ৰাজহাড়ডাল অকমান বেকা আছিল । সেয়ে অসমৰ ইতিহাসত তেঁওক নৰিয়া ৰজা (Noriya Raja)

-> তেঁওৰ আন এটা নাম আছিল - কেকোঁৰা ৰজা (Kekora Raja)

জয়ধ্বজ সিংহ (Jayadhwaj Singha) :

-> জয়ধ্বজ সিংহ ৰাজপাটত উঠা সময়ত বংগৰ নৱাব আছিল - শ্বাহ চুজা (Shah Suja)

-> শ্বাহজাহানৰ মৃত্যুৰ পিছত তেঁওৰ চাৰি পুত্ৰৰ মাজত গাদী দখলৰ যুঁজ চলে । সেই সময়ত বংগৰ নৱাব হৈ থকা শ্বাহ চুজা গাদী দখলৰ অভিপ্ৰায়েৰে দিল্লীলৈ যায় । এই সুযোগতে কোঁচ সকলৰ ৰজা প্ৰাণ নাৰায়ণে (Pran Narayan) নিজক স্বতন্ত্ৰ ঘোষণা কৰে আৰু মোগল শাসিত কামৰূপ (Kamrup) আৰু গোৱালপাৰা (Goalpara) দখল কৰে ।

-> জয়ধ্বজ সিংহই কোঁচ ৰজাৰ পৰা গুৱাহাটী (Guwahati) দখল কৰে ।

-> 1658ঔৰংজেৱ (Aurangzeb) দিল্লীত মোগলৰ শাসক হয় আৰু 1660 ত তেঁও মিৰজুমলাক (Mir Jhumla) বংগৰ গৱৰ্ণৰ নিযুক্ত কৰে ।

-> মিৰজুমলা বংগৰ গৱৰ্ণৰ নিযুক্ত হোৱাৰ পিছত তেঁওৰ প্ৰধান লক্ষ্য আছিল কিদৰে আহোমে মোগলৰ পৰা দখল কৰা গুৱাহাটীকে ধৰি আন ঠাইবোৰ পুনৰ মোগলৰ হাতলৈ আনিব পাৰি !

-> 1661 ৰ নৱেম্বৰ মাহত মিৰজুমলা ঢাকাৰ (Dhaka) পৰা 30,000 স্থল সৈন্য , 12,000 ঘোঁৰা , 323 খন যুদ্ধত ব্যৱহূত নাঁও লৈ গুৱাহাটীৰফালে আগমণ কৰে ।

-> 1662 ত মিৰজুমলা অসমত প্ৰৱেশ কৰে ।

-> মিৰজুমলাই প্ৰথম যোগীঘোপা (Jogighopa) দখল কৰে ।

-> মিৰজুমলাই মোগলক প্ৰতিহত কৰিবলৈ গুৱাহাটী (Guwahati) আৰু পাণ্ডুলৈ (Pandu) সেনাবাহিনী প্ৰেৰণ কৰে । কিন্তু আহোম সেনা মোগলৰ হাতত পৰাস্ত হয় ।

-> 4 ফেব্ৰুৱাৰী , 1662 মোগলে গুৱাহাটী দখল কৰে ।

-> সেই সময়তে দৰং (Darang) আৰু ডিমৰীয়া ৰজাই (Dimoriya King) আহোমক বিশ্বাসঘাটকতা কৰি মিৰজুমলাৰ ফলীয়া হয় ।

-> ইয়াৰ পিছত মিৰজুমলা আহোমৰ ৰাজধানী গড়গাঁওৰ (Garhgaon) ফালে আগবাঢ়ে । এই খবল লাভ কৰি জয়ধ্বজ সিংহ প্ৰথমে চৰাইদেউ (Charaideo) আৰু পিচলৈ নামৰূপলৈ (Namrup) পলায় যায় । ইয়াৰ বাবেই তেঁওক ভগনীয়া ৰজা (Bhogoniya Raja) বুলি কোৱা হয় ।

-> 1662 ৰ মাৰ্চত (March) মোগলে গড়গাঁও (Garhgaon)  দখল কৰে ।

-> কিন্তু সেইবাৰ বাৰিষা অসমত এটা ডাঙৰ বানপানী হ'ল । ইয়াৰ ফলত মোগল সকলৰ বাকী অংশৰ লগত যোগাযোগ বিছিন্ন হ'ল , খাদ্য সামগ্ৰীৰ নাটনি হয় , তাৰোপৰি সকলো বিপদৰ সুযোগ লৈ আহোম সেনাই ৰাতি ৰাতি মোগলৰ চাউনিত আক্ৰমণ কৰিব আৰম্ভ কৰে ।

-> সেই সময়ত আহোমৰ বুঢ়াগোহাঁই আছিল - আতন (Atan)

-> ইয়াৰ পিছত আহোম আৰু মোগলৰ মাজত এক সন্ধি হয় , যাক কোৱা হয় - ঘিলাঝাৰীঘাটৰ সন্ধি (Treaty of Ghilajharighat) . এই সন্ধিখন কৰোতে আহোমৰ ফালৰ পৰা আছিল - আতন বুঢ়াগোহাঁই (Atan Burhagohain) আৰু মোগলৰ ফালৰ পৰা আছিল - দিলিৰ খান (Dilir Khan)

ঘিলাঝাৰীঘাটৰ সন্ধি : (Treaty of Ghilajharighat)

1. অসম আৰু তিপামৰ ৰজাই নিজৰ জীয়েকক আহোমৰ হাতত গতাব লাগিব ।
2. মোগলক যুদ্ধৰ ক্ষতিপুৰণ দিব লাগিব ।
3. অসমৰ ৰজাই মোগলক বছৰি 20 টা হাতীৰ সম্ভাষণ জনাব লাগিব ।
4. আহোমে মোগলক দিব লগা ভূমিভাগ আছিল -
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে :   দৰঙৰ (Darang) পৰা ভৰালী নদী (Bharali River) ৰ পশ্চিম অংশলৈ ।
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে: ডিমৰীয়া (Dimoriya), বেলতলা আৰু ৰাণীকে ধৰি কলং নদীৰ পশ্চিম ভাগলৈ ।

-> ঘিলাঝাৰীঘাটৰ সন্ধি অনুসৰি জয়ধ্বজ সিংহৰ 6 বছৰীয়া জীয়াৰী ৰমণী গাভৰু (Ramani Gabhoru) আৰু মোমাই তামুলী বৰুৱাৰ কন্যা পাখৰী গাভৰু (Pakhari Gabhoru) ক মোগলৰ হাৰেমলৈ পঠোৱা হৈছিল ।
        ইয়াৰ 5 বছৰ পিছত ৰমণী গাভৰুৰ নাম ৰহমত বাণু বেগম (Rahmat Banu Begum) কৰি ঔৰংগজেৱৰ পুত্ৰ ম: আজম শ্বাহ (Md. Ajam Shah) ৰ লগত বিয়া পতা হয় ।

-> 1663 ত জয়ধ্বজ সিংহৰ মৃত্যু হয় ।

Post a Comment

0 Comments