অসমৰ মাটি : (Soil of Assam)
অসমৰ মাটি মূলত 4 প্ৰকাৰৰ :
1. পলসুৱা মাটি (Alluvial Soil) :
-> ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ দাতিকাষৰীয়া অঞ্চলত পলসুৱা মাটি পোৱা যায় ।
-> সঘনাই বানপানী হোৱা অঞ্চল সমূহত নতুন পলসুৱা মাটি (Younger alluvial soil) পোৱা যায় । নদীৰ কাষৰীয়া মাটিভাগ কম আম্লিক (Less Acidic) বা সাধাৰণ ক্ষাৰযুক্ত (Slightly alkaline) ।
-> পুৰণি পলসুৱা মাটি (Old alluvial soil) পোৱা যায় - কোকৰাঝাৰ (Kokrajhar) , চিৰাং (Chirang) , বৰপেটা (Barpeta) , বাক্সা (Baksa) , নলবাৰী (Nalbari) , কামৰূপ (Kamrup) , দৰং (Darrang) আদি ঠাইত ।
2. কংকৰীয়া মাটি (Peidmont Soil) :
এই মাটি বিশিষ্ট অঞ্চল সমূহ উত্তৰৰ হিমালয়ৰ নামনিভাগত বিস্তৃত হৈ আছে ।
-> ইয়াৰ আকৌ 2 টা প্ৰকাৰ আছে -
a. ভাৱৰ মাটি (Bhabar Soil) :
অসম (Assam) আৰু অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) সীমান্তৰ পৰা পূৱে সুৱনশিৰি (Soansiri) নদী পৰ্যন্ত বিস্তৃত । পাহৰৰ পৰা খহি অহা শিল , বালিৰ অংশ লগ হৈ এই মাটিভাগৰ সৃষ্টি হৈছে ।
b. টেৰাই মাটি (Tarai Soil) :
ভাৱৰ মাটি (Bhabar Soil) থকা অঞ্চলৰ দক্ষিণ দিশ (south) ত দিহিং নদী (Dehing River) লৈ টেৰাই মাটি যুক্ত অঞ্চল সমূহ বিস্তৃত ।
এই মাটিভাগত ওখ ওখ ঘাঁহ (Tall grass) গজে আৰু ঠাই বিশেষে জলাহ (Swamp) দেখা যায় ।
3. পাহাৰীয়া মাটি (Hill Soil) :
-> এই মাটিযুক্ত অঞ্চল সমূহ দক্ষিণৰ পাহাৰীয়া এলেকা সমূহত পোৱা যায় ।
-> এই মাটি ভাগক 2 টা ভাগত ভগাব পাৰি -
a. ৰঙা বালিয়া মাটি (Red Sandy Soil) :
এই মাটি পোৱা যায় -
অসম-মেঘালয় সীমা (Assam-Meghalaya border)
কাৰ্বি মালভূমি (Karbi platue)
কাছাৰ (Cachar)ৰ পূৱ সীমাৰ নামনি ভাগত
উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ (N.C. hills) ৰ বৰাইল শৈলশিৰা (Barail range)ৰ দক্ষিণে
-> এই মাটিভাগ আম্লিক (acidic) গুণ বিশিষ্ট আৰু বহু পৰিমাণৰ জৈৱিক উপাদান (Organic content) পোৱা যায় ।
b. ৰঙা বালি-অহীয়া মাটি (Red loamy soil):
এই মাটিভাগ পোৱা যায় -
অসম-নাগালেণ্ড সীমান্ত (Assam-Nagaland border)
অসম-অৰুণাচল সীমান্ত(Assam-Arunachal border)
কাৰ্বি মালভূমিৰ দক্ষিণ দিশত (Southern fringes of Karbi platue)
4. ৰঙামাটি (Lateritic Soil) :
-> এই মাটিত লো (Iron) আৰু এলুমিনিয়াম (Aluminium) সৰহকৈ পোৱা যায় । সৰহকৈ লো পোৱা বাবে এই মাটি সাধাৰণতে ৰঙা হয় ।
-> এই মাটি পোৱা যায় -
কাৰ্বি মালভূমিৰ হামৰেণ (Hamren of Karbi platue)
ডিমা হাচাও জিলা (Dima-Hasao district)
গোলাঘাট জিলাৰ দক্ষিণ দিশে (Southern boundary of Golaghat district)
0 Comments