চক্ৰধ্বজ সিংহ (Chakradhwaj Singha) : (1663 -1669)
-> চক্ৰধ্বজ সিংহই অনুভৱ কৰিব পাৰিছিল যে তেঁওৰ পূৰ্বৰ শাসক জয়ধ্বজ সিংহ মোগলৰ বশ হ'ব লগীয়া হোৱাৰ মূল কাৰণ হ'ল - জয়ধ্বজ সিংহই ওচৰ চুবুৰীয়া ৰাজ্যৰ ৰজা সমূহৰ পৰা মোগলৰ বিৰুদ্ধে যুঁজিবলৈ কোনো সহায় বিচৰা নাছিল ।-> চক্ৰধ্বজ সিংহই সেয়ে কাষৰীয়া জয়ন্তীয়া (Jayantiya) , কোঁচ বিহাৰ (Koch Bihar) , কাচাৰ (Cachar) আৰু কামৰূপৰ পাহাৰীয়া ৰাজ্য সমূহৰ ৰজাৰ লগত মিত্ৰতা কৰে । অসমৰ সীমাত থকা মিৰি (Miri) , নগা (Naga) , দেউৰী (Deuri) আদি জনজাতিৰ লোকসকলৰ সৈতেও তেঁও সু সম্পৰ্ক ৰাখে ।
-> মোমাই তামুলি বৰবৰুৱাৰ (Momai Tamuli Barbarua) পুত্ৰ লাচিতক (Lachit) চক্ৰধ্বজ সিংহই বৰফুকন (Barphukan) হিচাপে নিযুক্তি দিয়ে ।
-> 1667 ৰ আগষ্ট (August) মাহত লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনাৰ দল এটা গুৱাহাটী অভিমুখে ৰাওনা হয় আৰু গুৱাহাটী মোগলৰ পৰা আহোমৰ দখলত আনে ।
-> আহোম সেনাই গুৱাহাটী দখল কৰা খবৰ দিল্লীৰ মোগল শাসক ঔৰংজেৱে (Aurangzeb) পাই ৰাজা ৰাম সিঙক (Raja Ram Singh) গুৱাহাটী পুনৰ উদ্ধাৰ কৰিব পঠিয়াই ।
-> মোগলক প্ৰতিহত কৰিবলৈ লাচিতে শৰাইঘাটত এটা গড় (Rampart) নিৰ্মাণৰ কাম আৰম্ভ কৰে , যাক মোমাই কটা গড় (Momai Kota Garh) বুলি জনা যায় । এই গড়টোৰ বাবেই মোগল সকল আৰু শৰাইঘাট পাৰ হ'ব নোৱাৰিলে ।
আলাবৈৰ ৰণ : (Battle of Alaboi)
-> চক্ৰধ্বজ সিংহক মোগল সেনাপতি ৰামসিংহই প্ৰত্যাহ্বান জনাইছিল যে - যদি চক্ৰধ্বজ সিংহই ৰামসিংহক অকলে অৰ্থাৎ একক ভাৱে যুদ্ধ কৰি হৰুৱাব পাৰে তেন্তে গোটেই সৈন্যৰ সৈতে ৰামসিংহ উভতি যাব ।কিন্তু এই প্ৰস্তাৱত চক্ৰধ্বজ সিংহৰ অসন্মত হয় । কাৰণ চক্ৰধ্বজ সিংহ আছিল ৰজা আৰু ৰাম সিংহ আছিল এজন সাধাৰণ সেনাপতি । ৰজা এজনে সেনাপতিৰ লগত এককভাৱে যুদ্ধ কৰিলে শোভা নাপায় । এই কথাটোৰ বাবে চক্ৰধ্বজ সিংহ ক্ষোভত ফাটি পৰে আৰু মোগলৰ বিৰুদ্ধে যুদ্ধৰ আদেশ দিয়ে ।
-> আলাবৈ (Alaboi) নামৰ ঠাইখিনিত মোগল আৰু আহোমৰ মাজত এখন যুদ্ধ হয় । এই আলাবৈৰ ৰণতে 10,000 আহোম সৈনিকৰ মৃত্যু হয় ।
->1669 ত চক্ৰধ্বজ সিংহৰ মৃত্যু হয় ।
-> চক্ৰধ্বজ সিংহৰ পিছত তেঁওৰ ভাতৃ উদয়াদিত্য সিংহ (Udayaditya Singha) ৰজা হয় ।
উদয়াদিত্য সিংহ (Udayaditya Singha) :
-> উদয়াদিত্য সিংহৰ দিনত 1671 চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ (Battle of Saraighat) হৈছিল ।-> উদয়াদিত্য সিংহই আতন বুঢ়াগোহাঁই (Atan Burhagohain) ৰ নেতৃত্বত এটা 20,000 সৈন্যৰ দল চামধৰাৰ (Chamdhara) ৰ পৰা শৰাইঘাটলৈ প্ৰেৰণ কৰে ।
-> শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনৰ গা খুব বেয়া আছিল ।
-> শৰাইঘাটৰ যুদ্ধত প্ৰথম অৱস্থাতে আহোম সেনাই মোগল সেনাক দেখি পিছ হুহুকি আহিছিল । ইয়াকে দেখি লাচিত বৰফুকনে অসুখীয়া দেহাৰে ৰণলৈ যায় আৰু ইয়াতেই অসমীয়া সেনা উৎসাহিত হৈ পুনৰ যুদ্ধত জপিয়াই পৰে । শেষত শৰাইঘাটৰ যুদ্ধত আহোমৰ হাতত মোগলৰ পৰাজয় হয় ।
0 Comments