শৰাইঘাটৰ যুদ্ধৰ পিছত আহোম ৰাজ্যত ৰাজনৈতিক অস্থিৰতা (Political instabilities after Battle of Saraighat) : (1673 - 1681)
-> 1673 চনত উদয়াদিত্য সিংহৰ ভাতৃ চুক্লামফা (Suklamphaa) ই দেবেৰা হাজৰিকা (Debera Hazarika) ৰ লগ হৈ উদয়াদিত্য সিংহক খাদ্যত বিষ দি হত্যা কৰে ।
-> ইয়াৰ পিছতে চুক্লামফা ৰজা হয় আৰু ৰামধ্বজ সিংহ (Ramadhwaj Singha) নাম গ্ৰহণ কৰে আৰু বৰফুকন (Barphukan) হিচাপে নিযুক্ত কৰে দেবেৰা হাজৰিকাক ।
-> 1675 ত ৰামধ্বজ সিংহৰ দেহ দুৰ্বল হয় ইয়াৰ বাবে ৰাজ্যত তেঁওৰ কিব কাৰণত মৃত্যু হ'লে কোন ৰজা হ'ব তাক লৈ গুনা - গঠা আৰম্ভ হয় । ৰামধ্বজ সিংহৰ পুত্ৰ কলীয়া গোহাঁই (Koliya Gohain) আছিল প্ৰবল দাবীদাৰ, যিটো দেবেৰা বৰফুকনে বিচৰা নাছিল ।
-> দেবেৰা হাজৰিকাই ৰামধ্বজ সিংহক বিষ দি হত্যা কৰে আৰু দেবেৰাৰ প্ৰতিদ্বন্দ্বী বোৰক হয়তো হত্যা কৰে নাইবা বন্দী কৰে ।
-> দেবেৰা বৰফুকনে 14 জন ৰাজকুমাৰক হত্যা কৰে আৰু চুহুঙক (Suhung) ৰজা পাতে । এইদৰে দেবেৰাই সেইসময়ত সৰ্বে-সৰ্বা হৈ পৰে ।
-> দেবেৰাৰ কাৰ্য সমূহত অসন্তুষ্টি ব্যক্ত কৰা চুহুঙকো (Suhung) দেবেৰাই মাত্ৰ 21 দিনৰ কাৰ্যকাল যোৱাৰ পিছতে হত্যা কৰে ।
-> ইয়াৰ পিছতে গোবৰক (Gobar) ৰজা পাতে ।
-> দেবেৰা বৰফুকনৰ এইবোৰ অতপালি চলি থকা সময়ত আতন বুঢ়াগোহাঁই গুৱাহাটীত আছিল । সময়ত আতনে অহি দেবেৰা বৰফুকনক হত্যা কৰে আৰু গোবৰকো মাত্ৰ 24 দিন ৰজা হোৱাৰ পিছতে হত্যা কৰে ।
-> ইয়াৰ পিছত সকলো বিদ্বানে আতন বুঢ়াগোহাঁইক ৰজা হ'ব কয় যদিও তেঁও কৈছিল যে এজন মন্ত্ৰী কেতিয়াও ৰজা হ'ব নোৱাৰে ।
-> এইবাৰ আতনে চুজিংফাক (Sujingpha) ৰজা পাতে । চুজিংফাৰ আন এটা নাম হ'ল - অৰ্জুন (Arjun) .
অাতনেও এইবাৰ ৰজাক সোঁধ পোচ নকৰাকৈ নিজৰ ইচ্ছাত কাম কৰা আৰম্ভ কৰিলে ।
-> এনদৰে ৰাজসভাৰ বিষয়া সকল দুটা ফৈদত ভাগ হৈছিল - এটা আছিল ৰজা চুজিংফাৰ ফলীয়া আনটো আতন বুঢ়াগোহাঁইৰ ফলীয়া ।
-> 1677 ত আতন বুঢ়াগোহাঁইয়ে চুজিংফাক হত্যা কৰে আৰু চুদাইফা (Sudaipha) ক ৰজা পাতে ।
->শেষত লালুকসোলা বৰফুকনে আতন বুঢ়াগোহাঁইক মোগলৰ সহায়ত হত্যা কৰি আতনৰ স্বেচ্ছচাৰিতাৰ অন্ত পেলাই । কিন্তু ইয়াৰ বাবে গুৱাহাটী মোগলক ওভতাই দিব লগা হয় ।
0 Comments