Recents in Beach

Ahom History - Pramatta Singha , Rajeswar Singha , Laxmi Singha


 

প্ৰমত্ত সিংহ (Pramatta Singha) : (1744 - 1751)

-> প্ৰমত্ত সিংহই ৰংঘৰটো (Rang Ghar) নতুনকৈ নিৰ্মাণ কৰে ।
-> তেঁও গড়গাঁও (Gargaon) আৰু শুক্লেশ্বৰত  (Sukleswar) সিংহ দুৱাৰ নিৰ্মাণ কৰিছিল ।
-> তেঁও গুৱাহাটীত ৰুদ্ৰেশ্বৰ মন্দিৰ (Rudreshwar Temple) নিৰ্মাণ কৰে ।

ৰাজেশ্বৰ সিংহ (Rajeshwar Singha) : (1751 - 1769)

-> ৰাজেশ্বৰ সিংহ ৰজা হোৱা সময়ত মণিপুৰত ৰজা আছিল - জয় সিংহ (Jay Singha) । সেই সময়ত বাৰ্মা দেশে মনিপুৰৰ সৈতে সংঘাতত লিপ্ত হৈছিল । সেয়ে মণিপুৰৰ ৰজা জয় সিংহই আহোমৰ পৰা সহায় বিচাৰিছিল । আহোম সৈন্যও হাবি বন কাটি এটা ৰাস্তা মোকলাই মণিপুৰৰ ৰজাক সহায় কৰিব গৈছিল । এই ৰাস্তাটোক সেয়ে লতা - কটা পথ (Lata Kata Road) বুলি জনা যায় । 

-> ইয়াৰ কৃতজ্ঞতা হিচাপে মণিপুৰী ৰজাই তেঁওৰ জীয়েক - কুৰংগ-নয়নী (Kuranganayani)ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে । 

-> ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা কেইটামান উল্লেখযোগ্য কীৰ্তিচিহ্ন হ'ল -
   1. গড়গাঁওৰ - কাৰেংঘৰ (Kareng Ghar)
   2. বশিষ্ঠাশ্ৰম (Bashisthashram)
   3. নৱগ্ৰহ মন্দিৰ (Navagraha Temple)
   4. চিত্ৰাচল মন্দিৰ (Chitrachal Temple)
   5. হৰ- গৌৰি দেৱালয় (Har Gouri Devalaya)
   6. তলাতল ঘৰ (Talatal Ghar)

-> ৰাজেশ্বৰ সিংহ ৰজা হৈ থকা সময়ত কীৰ্তি চন্দ্ৰ বৰবৰুৱা (Kirti Chandra Barbaruah) যথেষ্ট শক্তিশালী হৈ পৰে ।

-> নুমলী বৰগোহাঁই (Numoli Borgohain)ৰ দ্বাৰা ৰচিত চকৰী ফেটী বুৰঞ্জী (Chakari Feti Buranji)কীৰ্তি চন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালৰ উৎসৰ বিষয়ে লিখা আছিল । পিছত এই কথা কীৰ্তি চন্দ্ৰ বৰগোহাঁইয়ে গম পায় আৰু সেই কিতাপখন নষ্ট কৰি পেলায় ।

-> কীৰ্তি চন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া সত্ৰমহন্ত সকলকো অপমান কৰিছিল । এইবোৰ কাৰণতে তেঁও সকলোৰে অপ্ৰিয় আছিল ।

-> ৰাজেশ্বৰ সিংহৰ পিছত ৰজা হয় লক্ষ্মী সিংহ (Laxmi Singha)

লক্ষ্মী সিংহ (Laxmi Singha) : (1769 -1780)

-> লক্ষ্মী সিংহৰ দিনলৈ কীৰ্তি চন্দ্ৰ বৰবৰুৱা আৰু অধিক শক্তিশালী হৈ পৰে । লক্ষ্মী সিংহ নামত ৰজা আছিল , কিন্তু প্ৰকৃত শাসন চলিছিল কীৰ্তি চন্দ্ৰ বৰবৰুৱাৰ নিৰ্দেশ মতে । 

-> লক্ষ্মী সিংহৰ দিনতে 1769-70 লৈ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল ।

মায়ামৰা সত্ৰ বা মোৱামৰীয়া সত্ৰ (Mayamara Satra) :

-> ইয়াৰ প্ৰতিষ্ঠাপক আছিল - অনিৰুদ্ধ ভূঞাঁ (Aniruddha Bhuyan)

-> এই সত্ৰৰ শিষ্য সকলক মোৱামৰীয়া (Moamoriya) , পুৰণি ভকত (Purani Bhakat) , মৰাণ (Maran) , মটক (Matak) আদি নামেৰে জনা যায় ।

-> এই সত্ৰত উচ্চ বৰ্ণৰ পৰা নিম্ন বৰ্ণলৈ সকলো লেকে শৰণ ল'ব পাৰিছিল ।

-> মায়ামৰা সত্ৰৰ ভকত সকলে তেঁওলোকৰ যিজন মূল সত্ৰাধিকাৰ তেখেতৰ কথাত উঠা বহা কৰিছিল । সেয়ে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ সেই সময়ত যথেষ্ট ক্ষমতা আছিল ।

প্ৰথম মোৱামৰীয়া বিদ্ৰোহ (First Moamoriya rebellion ) : (1769- 1770)

-> 1769 চনত মায়ামৰা সত্ৰৰ দুজন শিষ্য নাহৰ খোৰা (Nahor Khora) আৰু ৰাঘ মৰাণক (Ragha Moran) কীৰ্তি চন্দ্ৰ বৰবৰুৱালৈ এটা দুৰ্বল হাতী অনা অপৰাধত বেয়াকৈ মাৰে । নাহৰ খোৰাৰ এখন কান কাটি পেলাইছিল ।

-> ইয়াৰ পিছতে মোৱামৰীয়া সকলে বিদ্ৰোহ কৰে আৰু সময়ত আহোমক পৰাস্ত কৰি ৰংপুৰ (Rongpur) দখল কৰে 
-> মোৱামৰীয়া সকলে ৰজা লক্ষ্মী সিংহক বন্দী কৰি কীৰ্তি চন্দ্ৰ বৰবৰুৱাক হত্যা কৰে ।

-> ইয়াৰ পিছত মোৱামৰীয়া সকলে নাহৰ খোৰাৰ পুত্ৰ

ৰমাকান্ত (Ramakanta) ৰজা হয় আৰু ৰাঘ মৰান নতুন বৰবৰুৱা (Barbarua) হয় ।

-> কিন্তু মোৱামৰীয়া সকলে নিজৰ অনভিজ্ঞতাৰ (inexperience) বাবে ৰাজ্য খন বেছি দিনলৈ নিজৰ দখলত ধৰি ৰাখিব নোৱাৰিলে ।

-> 1770 ত অসমীয়া নৱবৰ্ষৰ দিনা এটা হুচৰী দলে আহি ৰাঘ মৰানক হত্যা কৰে , ৰমাকান্ত পলাই গৈছিল যদিও পিচলৈ আহোম বাহিনীয়ে ধৰি হত্যা কৰে ।

-> ইয়াৰ পিছত লক্ষ্মী সিংহ পুনৰ ৰজা হয় । ৰাজপাটত উঠি তেঁও সকলো মৰানকে এফালৰ পৰা শেষ কৰি যোৱাৰ নিৰ্দেশ দিয়ে ।

-> মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ আৰু তেঁওৰ পুতেকক বন্দী কৰি লৈ যায় । ইয়াৰ পিছত প্ৰায় 14 বছৰ মোৱামৰীয়া সত্ৰৰ কোনো সত্ৰাধিকাৰ নাছিল ।

-> এই অত্যাচাৰৰ ফলত মোৱামৰীয়া সকল আহোমৰ প্ৰতি যথেষ্ট প্ৰতিশোধ পৰায়ণ হৈ পৰে ।

-> 1780লক্ষ্মী সিংহৰ মৃত্যু হয় আৰু ইয়াৰ পিছত শাসনভাৰ লয় গৌৰিনাথ সিংহই

Post a Comment

0 Comments