Recents in Beach

Ahom Kingdom - Rudra Singha - ৰুদ্ৰ সিংহ

 


       

ৰুদ্ৰ সিংহ (Rudra Singha ): (1696-1714)

-> ৰুদ্ৰ সিংহই গদাধৰ সিংহৰ দিনত নামৰূপত (Namrup) বন্দী কৰি ৰখা সত্ৰাধিকাৰ সমূহক মোকলাই আনে ।

-> ৰুদ্ৰ সিংহই আদেশ দিছিল যে - ব্ৰাহ্মণ গোসাই সকলৰ মুখ্য কাৰ্যালয় মাজুলীত (Majuli) থাকিব ।

-> তেঁও ব্ৰাহ্মণ সত্ৰাধিকাৰ আউনীআটি গোসাইক (Auniati Gosain) নিজৰ ধৰ্মগুৰু হিচাপে লৈছিল ।

-> তেঁও এটা নিয়ম কৰছিল যে ব্ৰাহ্মণ (Brahmin) সকলক কোনো শুদ্ৰ (Sudra) বা মহন্ত (Mahanta)ই শৰণ দিব নোৱাৰিব ।

-> ৰুদ্ৰ দিংহই বৈৰাগী (Bairagi) বুলি এটা নতুন খেল (Khel) জন্ম দিয়ে । তেঁওলোকৰ কাম আছিল বিভিন্ন দেশ ঘুৰি সেইবোৰৰ সমাজিক (Social) আৰু সাংস্কৃতিক (Cultural) দিশৰ বৰ্নণা ৰজাৰ আগত দাঙি ধৰা ।

-> আহোমৰ ৰাজত্ব কালত ৰুদ্ৰ সিংহয়েই প্ৰথম সাত দিনীয়া কাৰ্যসূচীৰে বিহু (Bihu) আয়োজন কৰিছিল ।

-> ৰুদ্ৰ সিংহৰ ৰাজসভাৰ এজন বিদ্বান আছিল - কবিৰাজ চক্ৰৱৰ্ত্তী (Kaviraj Chakravarty) । তেঁও ৰচনা কৰা এখন বিখ্যাত নাটক হ'ল - শংখচূড় বধ (Sankha - Chuda - Badh) । কবিৰাজ চক্ৰৱৰ্ত্তীয়ে অভিজ্ঞানম শকুন্তলম (Abhijnanam Sakuntalam) আৰু ব্ৰহ্ম বৈৱৰ্ত পুৰাণ (Brahma Vaivarta Puran) আদি অসমীয়ালৈ অনুবাদ কৰে ।

-> ৰুদ্ৰ সিংহৰ দিনত নিৰ্মিত কেইটামান কীৰ্তি চিহ্ন -
          1.জয়সাগৰ পুখুৰী  (Jai Sagar Tank)     
          2.কাৰেংঘৰ (Kareng Ghar)
          3. জয়দৌল (Jay doul)
          4. নামদাঙৰ শিলৰ সাঁকো
             (Namdang Stone Bridge)

-> জীৱনৰ প্ৰথমছোৱাত বৈষ্ণৱ ধৰ্মত দীক্ষা ল'লেও শেষৰফালে ৰুদ্ৰ সিংহ শাক্ত হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হয় । ইয়াৰ বাবে তেঁও বংগৰ পৰা এজন পুৰোহিত মাতি পঠিয়াই যাৰ নাম আছিল কৃষ্ণৰাম ন্যায়বাগিশ (Krishnaram Nyayavagish) । কিন্তু শাক্ত ধৰ্ম লোৱাৰ আগতে ৰুদ্ৰ সিংহৰ মৃত্যু হয় ।

-> ৰুদ্ৰ সিংহই কৃষ্ণৰাম ন্যায়বাগিশ (Krishnaram Nyayavagish) ক কামাখ্যা মন্দিৰ চোৱা চিতাৰ দ্বায়িত্ব দিব কৈছিল । সেয়ে  নীলাচল পাহাৰত থাকিব লোৱা কাৰণে    কৃষ্ণৰাম ন্যায়বাগিশক পৰ্বতীয়া গোহাঁই (Parvatiya Gohain) বুলি কোৱা হয় ।

-> 1714 ত ৰুদ্ৰ সিংহৰ মৃত্যু হয় । ইয়াৰ পিছত ৰজা হয় তেঁওৰ পুত্ৰ শিৱ সিংহ (Shiv Singha)

          

Post a Comment

0 Comments