শিৱ সিংহ (Shiv Singha) : (1714-1744)
-> শিৱ সিংহই ব্ৰাহ্মণ পুৰোহিত (Brahmin priest) আৰু জ্যোতিষি (Astrologer) ৰ ওপৰত যথেষ্ট বিশ্বাস কৰিছিল ।-> এবাৰ জ্যোতিষিয়ে গননা কৰি পালে যে শিৱ সিংহৰ ৰজা হোৱাৰ যুগ নাই অৰ্থাৎ ৰজাৰ ছত্ৰভংগ যুগ চলি আছে । সেয়ে শিৱ সিংহই পৰ্বতীয়া গোঁসাইৰ সৈতে আলোচনা কৰি তেঁওৰ পত্নী তথা ৰাণী ফুলেশ্বৰীক (Phuleswari) ৰজা পাতে । ফুলেশ্বৰীক অসমৰ ইতিহাসত বৰ ৰজা (Bor Raja) বুলি জনা যায় ।
-> ফুলেশ্বৰীয়ে শাক্ত ধৰ্ম প্ৰচাৰ কৰিব বিচাৰিছিল । এবাৰ তেঁও দুৰ্গা পুজাৰ আয়োজন কৰি সত্ৰৰ শুদ্ৰ আৰু মহন্ত সকলকো ইয়ালৈ মাতিছিল । তেঁও জোৰকৈ সত্ৰৰ লোক সকলক বলিৰ তেজৰে কপালত ফোট দিয়াইছিল আৰু প্ৰসাদ , নিৰ্মালি আদি গ্ৰহণ কৰিব বাধ্য কৰাইছিল ।
মোৱামৰীয়া সত্ৰৰ মহন্ত সকলে এই অপমানক তীব্ৰ গৰিহণা দিছিল । তেঁওলোকে ফুলেশ্বৰীৰ এই কামক অক্ষমনীয় আখ্যা দিছিল ।
-> ফুলেশ্বৰীয়ে আহোমৰ পূৰ্বৰ মানুহৰ মৃত্যুৰ পিছত মৈদামত কবৰ দিয়া প্ৰথাটো আতৰাই শৱ - দাহ (Cremation) প্ৰথাৰ প্ৰচলন কৰে ।
-> ফুলেশ্বৰীয়ে গৌৰিসাগৰ পুখুৰী (Gaurisagar Tank) নিৰ্মাণ কৰে ।
-> 1731 ত ফুলেশ্বৰীৰ মৃত্যু হয় । ইয়াৰ পিছত শিৱ সিংহই ফুলেশ্বৰীৰ ভণীয়েক দ্ৰৌপদীক (Draupadi) বিয়া কৰায় আৰু বৰ ৰজা (Bar Raja) পাতে ।
-> দ্ৰৌপদীয়ে শিৱ দৌল (Shiv Doul) নিৰ্মাণ কৰে ।
-> হস্তী বিদ্যাৰ্ণৱ (Hasti Vidyarnava) পুথিখন দ্ৰৌপদীৰ পৃষ্ঠপোষকতাতে লিখা হৈছিল ।
-> কিন্তু 1738 ত দ্ৰৌপদীৰো মৃত্যু হয় । ইয়াৰ পিছত শিৱ সিংহই আন এগৰাকী ৰাণী এনাদৰীক (Enadari) বৰ ৰজা পাতে । এনাদৰীৰ আন এটা নাম হ'ল সৰ্বেশ্বৰী (Sarbeswari) ।
0 Comments