গৌৰিনাথ সিংহ (Gaurinath Singha):(1780-1795)
-> 1782 ত ৰাজঅভিষেকৰ পিছতে মোৱামৰীয়া সকলে বেশ ধৰি গৈ ৰাজঅভিষেক গৃহটোত জুই লগাই দিয়ে । ইয়াৰ বাবে তেঁও ক্ষোভিত হৈ পৰে আৰু মোৱামৰীয়া সকলক দেখা মাত্ৰকে হত্যা কৰাৰ আদেশ দিয়ে ।
-> সেই সময়ত প্ৰায় 7 লাখ মোৱামৰীয়া হত্যা কৰা হৈছিল ।
-> ইয়াৰ পিছতে মোৱামৰীয়া সকলে প্ৰতিশোধ লোৱাৰ বাবে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰে । ইয়াৰ বাবে গৌৰিনাথ সিংহই ভয় খাই গুৱাহাটীলৈ পলায়ন কৰে । সেইখিনি সময়ত গৌৰিনাথে আহোমৰ ৰাজধানী ৰংপুৰ (Rongpur)ৰ দায়িত্ব পূৰ্ণানন্দ বৰগোহাঁই (Purnananda Borgohain)ক দি গৈছিল ।
-> পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বেছি দিন ৰাজ্যখন ধৰিব ৰাখিব নোৱাৰিলে আৰু শেষত মোৱামৰীয়া সকলে আহোমৰ ৰাজধানী ৰংপুৰ দখল কৰে ।
-> গৌৰিনাথ সিংহই মোৱামৰীয়া সকলক প্ৰতহত কৰাৰ বাবে সেই সময়ৰ বৃটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ (Lord Cornwallis)লৈ সামৰিক সহায় বিছাৰি পত্ৰ লিখে ।
-> 2 নৱেম্বৰ , 1792 চনত কেপ্তেইন ৱালচ (Captain Wallsh)ৰ নেতৃত্বত এটা 360 জনীয়া সেনা দল গোৱালপাৰা (Goalpara)ত উপস্থিত হয় ।
-> শেষত বৃটিছৰ সহায়ত গৌৰিনাথ সিংহই মোৱামৰীয়া সকলক পৰাস্ত কৰে আৰু গৌৰিনাথ সিংহ পুনৰ ৰজা হয় ।
-> 1795 ত কেপ্তেইন ৱেলচ পুনৰ বেংগললৈ ঘুৰি যায় ।
-> গৌৰিনাথ সিংহই তেঁওৰ ৰাজধানী ৰংপুৰৰ (Rongpur) ৰ পৰা যোৰহাট (Jorhat)লৈ স্থানান্তৰ কৰে ।
-> 1795 ত গৌৰিনাথ সিংহৰ মৃত্যু হয় ।
-> গৌৰিনাথ সিংহৰ পিছত ৰজা হয় - কমলেশ্বৰ সিংহ (Kamaleswar Singha)
কমলেশ্বৰ সিংহ (Kamaleswar Singha) : (1795-1811)
-> পূৰ্ণানন্দ বৰগোহাঁইয়ে তেঁওক ৰজা পাতে , ইয়াৰ ফলত কমলেশ্বৰ সিংহ কেৱল নামত ৰজা হৈ থাকে কিন্তু কাৰ্যত ৰজা আছিল - পূৰ্ণানন্দ বৰগোহাঁই
-> কমলেশ্বৰ সিংহৰ দিনতে কামৰূপত হৰদত্ত (Hardutta) আৰু বিৰদত্ত (Birdutta)ই আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে।
-> সেই সময়ত কামৰূপৰ বৰফুকন আছিল - কলিয়া ভোমোৰা (Kolia Bhomora) । তেঁও হৰদত্ত আৰু বিৰদত্তৰ বিদ্ৰোহ দমন কৰে ।
-> এই বিদ্ৰোহ দমন কৰা বাবে আহোম স্বৰ্গদেউৱে তেঁওক প্ৰতাপ বল্লভ (Pratap Vallabh) উপাধি প্ৰদান কৰে ।
-> কলীয়া ভোমোৰাই শিলঘাট (Silghat)ত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম হাতত লয় যদিও সময়ত এই দলংখন হৈ নুঠিল । ( পিচলৈ ভাৰত চৰকাৰে সেই একেখিনি ঠাইতে ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ কৰি তাৰ নাম ৰাখে কলিয়া ভোমোৰা l
-> কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত 1811 চনত তেঁওৰ ভাতৃ চন্দ্ৰকান্ত সিংহই ৰাজপাট দখল কৰে ।
0 Comments