Recents in Beach

ভাৰতৰ দ্বীপ সমূহ - Islands of India - Assamese GK


 

ভাৰতৰ দ্বীপসমূহ(Islands of India) :

ভাৰতৰ দ্বীপ সমূহ মূলত 2 প্ৰকাৰৰ :

1. আৰৱ সাগৰীয় দ্বীপ (Island located in Arabian sea) - ইয়াক লক্ষ্যদ্বীপ পুঞ্জ (Lashadweep Islands) বুলি জনা যায় ।

2. বংগোপসাগৰীয় দ্বীপ (Island located in Bay of Bengal) - ইয়াক আন্দামান নিকবৰ দ্বীপপুঞ্জ বুলি জনা যায় ।

-> 10 ডিগ্ৰী চেনেলে (Degree channel) আন্দামান আৰু নিকোবৰক ভাগ কৰে ।

-> 10 ডিগ্ৰী চেনেলৰ উত্তৰে আছে - লঘু আন্দামান (Little Andaman) আৰু দক্ষিণে আছে - কাৰ নিকোবৰ (Car nicobar Island)

-> আন্দামান দ্বীপপুঞ্জৰ একেবাৰে উত্তৰত আছে লেণ্ডফল দ্বীপ (Landfall Island) .

-> কোকো চেনেলে (Coco channel) য়ে ম্যানমাৰত (Myanmar) অৱস্থিত কোকো দ্বীপ (Coco Island) আৰু আণ্ডামান নিকোবৰ দ্বীপপুঞ্জৰ এক সৰু দ্বীপ লেণ্ডফল দ্বীপক (Landfall Island) পৃথক কৰে ।

-> লেণ্ডফল দ্বীপৰ দক্ষিণৰ একেবাৰে নিকটৱৰ্ত্তী দ্বীপ হ'ল - উত্তৰ আন্দামান দ্বীপ (North Andaman Isl 

-> ইয়াত আন্দামান দ্বীপপুঞ্জৰ ওখ শৃংগ চেদল (Saddle Peak) অৱস্থিত ।

-> উত্তৰ আন্দামান দ্বীপৰ (North Andaman Lake) পূৱফালে এক দ্বীপ আছে যাৰ নাম - নাৰক'ণ্ডাম দ্বীপ (Narcondam Island) । ইয়াত শান্ত জ্বালামুখী পোৱা যায় । 

-> উত্তৰ আন্দামানৰ দক্ষিণ দিশত আছে মধ্য আন্দামান দ্বীপ (Middle Andaman Island) । ই হ'ল আন্দামান - নিকোবৰ দ্বীপপুঞ্জৰ সৰ্ববৃহৎ দ্বীপ ।

-> মধ্য আন্দামানৰ উত্তৰ পূৱ দিশত অৱস্থিত বাৰেন দ্বীপত (Barren Island) ভাৰতবৰ্ষৰ সক্ৰিয় আগ্নেয়গিৰি পোৱা যায় । 

-> আন্দামান দ্বীপপুঞ্জৰ দক্ষিণৰ দ্বীপটো হ'ল - দক্ষিণ আন্দামান দ্বীপ । ইয়াত আন্দামান - নিকোবৰৰ ৰাজধানী - পোৰ্ট ব্লেয়াৰ (Port blair) অৱস্থিত । 

-> দক্ষিণ আন্দামান আৰু লঘু আন্দামানৰ মাজত এক দৰ্জা আছে যাৰ নাম - ডংকন দৰ্জা (Duncan Pass) 


নিকোবৰ দ্বীপপুঞ্জ (Nicober Islands)

-> 10 ডিগ্ৰী চেনেলৰ দক্ষিণত নিকোবৰ দ্বীপপুঞ্জৰ অৱস্থিত । ইয়াৰ প্ৰথম ভাগ হৈছে কাৰ নিকোবৰ দ্বীপ (Car Nicobar Island)

-> কাৰ নিকোবৰৰ দক্ষিণ দিশত আছে - লঘু নিকোবৰ (Little Nicobar) 

-> লঘু নিকোবৰৰ দক্ষিণ দিশত আছে - মহান নিকোবৰ (Great Nicobar) । ইয়াৰ একেবাৰে শেষৰ ভাগক ইন্দিৰা পইন্ট (Indira Point) বুলি কোৱা হয় । 

-> ইন্দিৰা পইন্টৰ আন দুটা নাম হ'ল - পিগমেলিয়ন পইন্ট (Pygmalion Point) আৰু পাৰ্চন পইন্ট (Parson Point) 

-> মহান নিকোবৰৰ (Great Nicobar) দক্ষিণত আছে ইণ্ডোনেচিয়াৰ (Indonesia) দেশৰ সুমাত্ৰা দ্বীপ (Sumatra) । এই ঠাই দুখন পৃথক কৰিছে - গ্ৰেণ্ড চেনেল (Grand Channel) 


লক্ষদ্বীপ দ্বীপপুঞ্জ(Lakshadweep Islands) 

-> ইয়াক কোৰেল দ্বীপ (Coral Islsnd) বা এটল (Atoll) বুলিও জনা যায় । 

-> চিলেণ্ট'ৰটা পলিপ নামৰ এবিধ সামুদ্ৰিক জীৱৰ পৰা প্ৰবাল বা ক'ৰেল সৃষ্টি হয় । 

-> লক্ষ্যদ্বীপ দ্বীপপুঞ্জৰ একেবাৰে দক্ষিণত থকা দ্বীপ হ'ল মিনিকয় (Minicoy)

-> লক্ষ্যদ্বীপ দ্বীপপুঞ্জৰ প্ৰধান ভূ-খণ্ড আৰু মিনিকয় দ্বীপক পৃথক কৰে 9 ডিগ্ৰী চেনেলে ।

-> মালদ্বীপ আৰু মিনিকয়ক পৃথক কৰে 8 ডিগ্ৰী চেনেল । অৰ্থাৎ কব পাৰি যে 8 ডিগ্ৰী চেনেলে ভাৰত আৰু মালদ্বীপক পৃথক কৰে । 

-> লক্ষদ্বীপৰ আটাইতকৈ ডাঙৰ দ্বীপটো হ'ল - এন্দ্ৰোট (Andrott)

-> লক্ষ্যদ্বীপৰ ৰাজধানী হ'ল - কৱৰত্তী (Kavaratti)

Post a Comment

0 Comments