চন্দ্ৰকান্ত সিংহ (Chandrakanta Singha): (1811-1817)
-> তেঁওৰ সময়তো শাসনৰ আৰৰ মূল ব্যক্তিজন আছিল পূৰ্ণানন্দ বৰগোহাঁই , যিটো চন্দ্ৰকান্ত সিংহৰ পছন্দ হোৱা নাছিল ।
-> চন্দ্ৰকান্তই তেঁওৰ এজন অতি ঘনিষ্ঠ ব্যক্তি সৎৰাম (Satram)ৰ সৈতে মিলি পূৰ্ণানন্দ বৰগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচে ।
-> সেই সময়তে কামৰূপত কলীয়া ভোমোৰা (Kolia Bhomora)ৰ মৃত্যুৰ পিছত বৰফুকন হয় বদন চন্দ্ৰ (Badan Chandra)
-> বদন চন্দ্ৰ বৰফুকন কামৰূপত যথেষ্ট শক্তিশালী হৈ পৰে । তেঁও মাজে সময়ে কামৰূপৰ লোক সকলক যথেষ্ট অত্যাচাৰ কৰিছিল ।
-> বদন চন্দ্ৰ বৰফুকনৰ এইবোৰ খবৰ পূৰ্ণানন্দ বৰগোহাঁইয়ে লাভ কৰি বদনক ধৰিবলৈ এটা সৈন্য বাহিনী প্ৰেৰণ কৰে ।
-> পূৰ্ণানন্দ বৰগোহাঁইয়ে প্ৰেৰণ কৰা সৈন্য বাহিনীৰ খবৰ পাই বদন চন্দ্ৰ বৰফুকন পলাই গৈ বংগ (Bengal) পাই । তাত বদনে বৃটিছৰ পৰা সহায় বিছাৰে । কিন্তু বৃটিছ সকলে এইবাৰ বদনক সহায়ৰ বাবে অসন্মত হয় ।
-> এইবাৰ বদনে অমৰাপুৰ (Amarapura)ত থকা বৰ্ম ৰাজসভা (Burmese court)ত উপস্থিত হয় ।
-> বাৰ্মিজ সকল প্ৰথম অসমত উপস্থিত হয় 1817 চনত ।
-> এই বাৰ্মিজ (Burmese) সকলক অসমীয়াত মান (Man) বোলে ।
মানৰ প্ৰথম অসম আক্ৰমণ (First Burmese invasion in Assam)
-> মান সকল প্ৰথম 1817 চনত নামৰূপ (Namrup)ত উপস্থিত হয় ।-> পূৰ্ণানন্দ বৰগোহাঁইয়ে এই খবৰ লাভ কৰি 7 টা আহোম সৈন্য দল প্ৰেৰণ কৰে । আহোম আৰু মান সকলৰ প্ৰথম যুদ্ধ হয় ঘিলাধাৰী (Ghiladhari)ত , এই যুদ্ধত মানে আহোমক পৰাস্ত কৰে ।
-> মান সকলৰ লগত বদন চন্দ্ৰও থকা বুলি গম পাই পূৰ্ণানন্দ বৰগোহাঁই ক্ষোভত ফাটি পৰে আৰু সম্ভৱত এই ক্ষোভতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ (Heart attack) হৈ পূৰ্ণানন্দ বৰগোহাঁইৰ মৃত্যু হয় ।
-> 1817 চনৰ মাৰ্চ মাহত বদন চন্দ্ৰই আহোমৰ ৰাজধানী যোৰহাট (Jorhat)ত প্ৰৱেশ কৰে । বদনে চন্দ্ৰকান্ত সিংহকে শাসন চলাই যাব কয় আৰু শাসনৰ মূল বাঘজৰী নিজৰ হাতত ৰাখে । বদনে মন্ত্ৰী ফুকন (Mantri Phukan) উপাধি গ্ৰহণ কৰে ।
-> ইয়াৰ পিছতে মান সকল স্বদেশলৈ উভতি যায় ।
মানৰ দ্বিতীয় অসম আক্ৰমণ (Second Burmese invasion of Assam) :
-> 1817 চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰি মান সকল যোৱাৰ পিছতে আহোম সকলৰ অন্তৰ্কন্দলৰ পৰিণতিত বদন চন্দ্ৰৰ মৃত্যু হয় ।-> সেই সময়তে পূৰ্ণানন্দ বৰগোহাঁইৰ পুত্ৰ ৰুচিনাথে যোৰহাট (Jorhat) আক্ৰমণ কৰে আৰু চন্দ্ৰকান্ত সিংহৰ এখন কাণ কাটি পেলায় ।
-> ৰুচিনাথে যোৰহাটত এইবাৰ পুৰন্দৰ সিংহ (Purandar Singha)ক ৰজা পাতে ।
-> ইয়াৰ পিছতে চন্দ্ৰকান্ত সিংহই পুনৰ মান (Burmese) সকলৰ পৰা সহায় বিছাৰে ।
-> 1819 ত মান সকল পুনৰ অসমলৈ আহে । ইয়াকে মানৰ দ্বিতীয় অসম আক্ৰমণ বুলি অসমৰ বুৰঞ্জীত জনা যায় ।
-> পুৰন্দৰ সিংহ গুৱাহাটীলৈ পলাই যায় ।
-> ইয়াৰ পিছত চন্দ্ৰকান্ত সিংহ পুনৰ ৰাজপাটত বহে ।
-> 1820 চনত মান সকলে অসমৰ দ্বায়িত্ব পটলং বৰবৰুৱা (Patlang Barbarua)ৰ হাতত অৰ্পণ কৰি স্বদেশলৈ উভতি যায় ।
মানৰ তৃতীয় অসম আক্ৰমণ:
-> মানৰ নতুন ৰজা বা-জি-দ্বা (Ba-gyi-dwa)ই অসমক নিজৰ দখলত অনাৰ পণ লৈছিল ।-> এই কথা অসমৰ দায়িত্বত থকা পটলং বৰবৰুৱাই গম পাই চন্দ্ৰকান্ত সিংহক মানক ৰোধ কৰিবলৈ উপদেশ দিয়ে ।
-> পটলং বৰবৰুৱাই মানক ৰোধ কৰা বাবে ডিব্ৰুগড়ৰ দিঘলীঘাটত (Dighalighat) এটা দূৰ্গ নিৰ্মাণ কৰে ।
-> তেনে সময়তে মানৰ ৰজাই অসমলৈ কেইজনমান দূতৰ হাতত অা-অলংকাৰ আৰু পোছাক পঠিয়াইছিল । এই দূত কেইজনে দিঘলীঘাটত পটলং বৰবৰুৱাই নিৰ্মাণ কৰি থকা দূৰ্গটো দেখি পটলঙে মানৰ বিৰুদ্ধে ৰচনা কৰি থকা ষড়যন্ত্ৰৰ গোন্ধ পাই আৰু তেঁওক হত্যা কৰে ।
-> পটলং বৰবৰুৱাৰ হত্যাত শংকিত হৈ ৰজা চন্দ্ৰকান্ত সিংহ প্ৰথমে গুৱাহাটী আৰু পিছত বংগলৈ পলাই যায় ।
-> মান সকলে তেনে সময়তে 1821 চনত যোগেশ্বৰ সিংহ (Jogeshwar Singha)ক ৰজা পাতে । কিন্তু কাৰ্যত সেই সময়ৰ পৰাই অসমত মানৰ শাসন আৰম্ভ হয় ।
0 Comments