মানৰ অসম শাসনকাল (Burmese rule in Assam) : 1821-1824
-> মানৰ শাসনৰ সময়ছোৱাত অসমবাসী যথেষ্ট অত্যাচাৰৰ সন্মুখীন হৈছিল । সেই সময়ত অসমৰ বাট-পথ তেজেৰে ৰাঙলী হৈ গৈছিল , থায়ে থায়ে মৃতকৰ দম লাগি গৈছিল , কিছুমান অসমীয়াক বন্দী কৰি নিজ দেশলৈ লৈ গৈছিল ।
বৃটিছ আৰু মানৰ প্ৰথম যুদ্ধ (First Anglo-Burmese war) : 1824-1826
-> 1823 ত ডেভিদ স্কট (David Scot)ক উত্তৰ পূৱ সীমান্ত (North Eastern frontier)ৰ গৱৰ্ণৰ জেনেৰেল নিযুক্ত কৰা হয় ।-> বৃটিছে তেঁওলোকৰ অধীনত থকা বংগৰ অঞ্চল সমূহতো মানে আক্ৰমণ চলাব পাৰে বুলি শংকিত হৈ মান সকলক অসমতে বাধা দিয়াৰ যো-জা কৰে ।
-> ডেভিদ স্কটে অসমত মানৰ অত্যাচাৰৰ সকলো প্ৰতিবেদন বৃটিছ গৱৰ্ণৰ জেনেৰেললৈ (Governor General) প্ৰেৰণ কৰি আছিল ।
-> 1824 ত বৃটিছ সকলে মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।
-> 1826 ত মান সকলে বৃটিছৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰিব বাধ্য হয় ।
-> 1826 ত মানৰ ৰজা বা-জি-দ্বা (Ba-Gyi-Dwa) আৰু বৃটিছ সকলৰ মাজত এক সন্ধি হয় যাক আমি ইয়াণ্ডাবু সন্ধি (Treaty of Yandaboo) বুলি জানো ।
-> সেই সময়ত বৃটিছ গৱৰ্ণৰ জেনেৰেল আছিল - লৰ্ড আৰ্মহাৰ্ষ্ট (Lord Armherst)
ইয়াণ্ডাবু সন্ধি (Treaty of Yandaboo) :
-> 24 ফেব্ৰুৱাৰী (February) ,1826 ত এই সন্ধিখন স্বাক্ষৰিত হয় ।
-> ইয়াণ্ডাবু সন্ধি অনুসৰি তেতিয়াৰ পৰা অসমৰ লগতে কাছাৰ (Chachar) আৰু জয়ন্তীয়া (Jayantiya) ৰাজ্য দুখনৰ শাসনৰ দ্বায়িত্ব মানৰ হাতত নাথাকিব ।
-> প্ৰথম মান আৰু বৃটিছৰ যু্দ্ধৰ আগতেই বৃটিছ সকলে কাছাৰ আৰু জয়ন্তীয়া সকলৰ লগত চুক্তি স্বাক্ষৰ কৰি থৈছিল । এই চুক্তিমতে কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দুখনে বৃটিছৰ সুৰক্ষাত থকিব । বৃটিছেও জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাম সিং (Ram Singh) আৰু কাছাৰ ৰাজ্যৰ ৰজা গোবিন্দ সিং (Govind Singh) বুলি মানি লৈছিল ।
-> কিন্তু অসমৰ পৰৱৰ্ত্তী শাসক কোন হ'ব তাৰ বিষয়ে ইয়াণ্ডাবু সন্ধিত কোনো প্ৰত্যক্ষ উল্লেখ নাই ।
-> ডেভিদ স্কটে প্ৰথম অসমৰ শাসন পুনৰ আহোমৰ হাতত অৰ্পণ কৰি অসমক পৰোক্ষভাৱে নিজৰ দখলত ৰখাৰ পৰিকল্পনা কৰি বৃটিছ চৰকাৰলৈ এক প্ৰতিবেদন লিখে যদিও বৃটিছ সকলে ইয়াক অগ্ৰাহ্য কৰে ।
-> বৃটিছে প্ৰথম 1828 ৰ মাৰ্চ (March) মাহত নামনি অসমকে ধৰি বিশ্বনাথ (Bishwanath)লৈ নিজৰ অধীনত লয় ।
1 Comments
Check out the bonuses we’ve described above firstly of this Spin Casino evaluate and claim the top free spins and bonus funds to add some further spice to your on-line on line casino expertise. There are quantity of|numerous|a selection of} unbelievable promotions obtainable for both new and returning players that supply bonus funds of as much as} $1,000 and free spins on {a selection of|quite a lot of|a wide selection of} eligible slot games. Spin Casino houses over 450 on line casino games from 31 different software 토토사이트 program suppliers.
ReplyDelete